Local, Vocal, Global

ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদ, লামডিঙৰ ৰাজপথত জ্বলিল জিনপিঙৰ পুত্তলিকা

শেহতীয়াকৈ চীনৰ বিৰুদ্ধে অসমতো এতিয়া জ্বলিছে ক্ষোভৰ জুই ।লামডিঙতো তীব্ৰ প্ৰতিবাদ চীনৰ বিৰুদ্ধে ।  চীনত নিৰ্মিত টিভি,ম’বাইল জ্বলাই লামডিঙত প্ৰতিবাদৰ লগতে দাহ কৰিলে চীনৰ ৰাষ্ট্ৰপতিৰ পুত্তলিকা। লামডিং বজাৰৰ ৰাজপথত দাউদাউকৈ জ্বলিল চীনত নিৰ্মিত টিভি আৰু ম’বাইল। শুকুৰবাৰে লামডিং স্বৰ্ণশিল্পী সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে চীনৰ বিৰুদ্ধে। লগতে লাডাখত শ্বহীদ হোৱা  ভাৰতৰ বীৰ শ্বহীদলৈও লামডিং স্বৰ্ণশিল্পী সমিতিয়ে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি।