Local, Vocal, Global

গহপুৰৰ ৰজাবাৰীত উদ্ধাৰ শৰালি হাঁহ

শুকুৰবাৰে পুৱা গহপুৰৰ ৰজাবাৰীৰ এজন ছাত্ৰই এবিধ শৰালি হাঁহ উদ্ধাৰ কৰে। জানিব পৰা মতে সেৱক বৰা নামৰ বিহালী দীনদয়াল মহাবিদ্যালয়ৰ ছাত্ৰজনে নিজ গৃহৰ এচুকত দুজনী শৰালি হাঁহ কেইটামান পোৱালিৰ সৈতে প্ৰত্যক্ষ কৰে। ঘৰৰ এচুকত ১০টা পোৱালিৰ সৈতে আশ্ৰয় লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি এহাল  শৰালি হাঁহ বুলি জানিব পাৰি ঘৰৰ লোকৰ সহায়ত পক্ষীৰ পৰিয়ালটি উদ্ধাৰ কৰে। পিছত নিৰাপদ স্থানত পক্ষীকেইটা সংৰক্ষণৰ ব্যৱস্থাৰ বাবে গহপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দন্দীৰাম বৰাৰ সহযোগত ঐতিহ্যমণ্ডিত গহপুৰ বৰপুখুৰীত এৰি দিয়ে। ছাত্ৰগৰাকীৰ এনে মানৱীয়তাক সকলোৱে প্ৰশংসা কৰিছে।