Local, Vocal, Global

২০% কমিচন লৈ ঠিকা দিয়া মৰিগাঁওৰ এখন পঞ্চায়ত

২০% কমিচন লৈ ঠিকা দিয়া মৰিগাঁওৰ এখন পঞ্চায়ত। কমিচন দিয়ক পঞ্চায়তৰ ঠিকা লওক।

 

এই নীতিয়ে চলিছে মৰিগাঁওৰ একাংশ পঞ্চায়তৰ কাম কাজ । বৃহৎ অংকৰ বিনিময়ত ঠিকাৰ লেনদেন হয় পঞ্চায়ত সমূহত।  সেই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এখন চুক্তি পত্রৰ যোগেদি । মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত নগাবান্ধা পঞ্চায়তত ভয়ংকৰ দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিলে পঞ্চায়ত খনৰে যুৱক জেহেৰুল ইছলামে । বৃহৎ কমিচনৰ বিনিময়ত পঞ্চায়তৰ বিভিন্ন আঁচনিৰ ঠিকা দিয়ে নগাবান্ধা পঞ্চায়তৰ সভানেত্রী নিলুফা  খাটুনে।

শূণ্য সহনশীলতা আৰু দুৰ্নীতিমুক্ত কথা কোৱা অসমৰ মূখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে পাৰিবনে নগাবান্ধা গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ।