Local, Vocal, Global

ধিঙত ৰজাবাৰীৰ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান

ধিঙত ৰজাবাৰীৰ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান । নগাওঁ জিলাৰ DSP দিপ্তী মালীৰ নেতৃত্বত অহা আৰক্ষীৰ দলে ধিঙৰ ৰজাবাৰীৰ আব্দুল ৰহিমৰ  ঘৰৰ পৰা উদ্ধাৰ কৰে ৩০ টাকৈ চোৰাং গৰু। আৰক্ষী অহাৰ উমান পায় ঘৰৰ পৰা পলায়ন কৰে চোৰাং গৰু বেপাৰী আবিুল ৰহিম।

ইতিমধ্যে গৰুখিনি ট্ৰাকেৰে নগাঁৱলৈ নিয়াৰ দিহা কৰিছে আৰক্ষীৰ দলটোৱে।DSP মালীৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোক সহযোগ কৰে বটদ্ৰৱা আৰক্ষীয়ে।

উল্লেখ্য যে , আব্দূল ৰহিম বহুদিনৰ পৰা চোৰাং গৰু ব্যৱসায়ৰ লগত থকাৰ অভিযোগ আছিল।