Local, Vocal, Global

মৰিগাঁৱত পোহৰ বিলোৱাৰ প্ৰচেষ্টা আৰ্থফুল ফাউণ্ডেচনৰ

দূৰ্যোগৰ এই আন্ধাৰত কিছু পোহৰ বিলোৱাৰ বাবে আৰ্থফুল ফাউণ্ডেচনৰ( Earthful foundation ) তৰফৰ প্ৰয়াস। Village Adoption Programme-ৰ অন্তৰ্গত মৰিগাওঁ জিলাৰ হাতীগড় কুছিয়নী গাৱঁৰ পথসমূহত ব্যৱস্থা কৰিছে ছ’লাৰ লাইটৰ। ভিন্ন কাৰণত প্ৰায়েই বিদ্যুতৰ অভাৱত ভোগা প্ৰৱল বানাক্ৰান্ত এলেকাৰ লোকসকলৰ সুৰক্ষা তথা সুবিধাৰ কথা মনত ৰাখি এই পদক্ষেপ আৰ্থফুল ফাউণ্ডেচনৰ । লকডাউনৰ পৰৱৰ্তী সময়ত সৌৰশক্তিচালিত বিজুলী চাকি তথা অন্যান্য সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত গাওঁবাসীক সজাগ কৰাৰ বাবেও পদক্ষেপ লোৱাৰ মত ব্যক্ত কৰে আৰ্থফুল ফাউণ্ডেচনৰ সদস্যই।