Local, Vocal, Global

চিৰাং জিলাৰ উপায়ুক্তৰ পত্নী-জীয়ৰী কভিড-১৯ পজিটিভ

চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰৰ পত্নী আৰু জীয়ৰী কভিড-১৯ পজিটিভ ৷ পত্নী এন্টী দাস তালুকদাৰ আৰু জীয়ৰী দিগংগনা কাশ্যপ আক্ৰান্ত কৰ’নাত ৷ দুয়োজনেই গুৱাহাটীৰ পৰা তিনিদিন পুৰ্বে আহিছিল চিৰাঙলৈ। চিৰাঙত নিজ বাসগৃহতে একেলগে থাকি নিয়মিতভাৱে  উপায়ুক্ত গৌতম তালুকদাৰে চলাই গৈছিল কাৰ্য‍ালয়ৰ কামকাজ।

উপায়ুক্ত গৌতম তালুকদাৰৰ পত্নী আৰু জীয়ৰীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ মাজত চাঞ্চল্য বিৰাজ কৰে। চিৰাং জিলা সদৰ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ৰ এজন চিকিৎসকো আক্ৰান্ত কভিড-১৯ত। বৰ্তমানলৈ চিৰাং জিলাত মুঠ ১২গৰাকী লোক ক’ভিড ৰোগত আক্ৰান্ত।