Website Design: dastechnologies.in
গোলাঘাটত ভয়ংকৰ ৰূপত বাঢ়িছে কভিড-১৯ৰ গণ সংক্ৰমণ
গোলাঘাট লাইফ লাইন চিকিৎসালয়ৰ মেনেজাৰ জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা ১৯গৰাকীকৈ লোক কভিড-১৯ পজিটিভ । ২৩ জুনত জয়ন্ত সিনহাৰ ধৰা পৰিছিল কভিড-১৯ পজিটিভ৷ ইয়াৰ পিছতে জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে SWAB সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে। জয়ন্ত সিনহাৰ পত্নী ,কন্যা, লাইফ লাইনৰ ৬গৰাকী নাৰ্ছকে ধৰি সংস্পৰ্শলৈ অহা মুঠ ১৯গৰাকী লোকৰ ক’ভিড পজিটিভ ধৰা পৰে। উল্লেখযোগ্য যে লাইফ লাইনৰ কৰ্মচাৰী জয়ন্ত সিনহাৰ প্ৰথম অৱস্থাত কেনেদৰ ক’ভিড -১৯ সংক্ৰমণ হ’ল তাৰ কোনো তথ্য পোৱা নাছিল প্ৰশাসনে। পিছৰ পৰ্যায়ত অনুসন্ধান কৰি গোলাঘাট নাৰ্ছিং হোমৰ কোনো পজিটিভ লোকৰ সংস্পৰ্শলৈ অহা বুলি তথ্য সদৰী কৰে গোলাঘাট প্ৰশাসনে। গোলাঘাটৰ লাইফ লাইন নাৰ্ছিং হোমৰ কৰ্মচাৰী জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা ১৯গৰাকীৰ কভিড-১৯ পজিটিভ ধৰা পৰাত চিন্তিত কৰি তুলিছে প্ৰশাসনক। আক্ৰান্ত সকলো কোৱাৰেণ্টিনত আছিল যদিও তেওঁলোকৰ সংস্পৰ্শলৈ আহিছে বহুতো লোক। প্ৰশাসনৰ তৰফৰ পৰা গণ সংক্ৰমণৰ বিষয়টো নুই কৰিলেও প্ৰকৃতাৰ্থত গোলাঘাটত কৰ’নাৰ গণ সংক্ৰমণে গতি লাভ কৰিছে।
কৰ’নাৰ চেইনডাল ক্ৰমাৎ দীঘলীয়া হৈ গৈ আছে গোলাঘাটত। গোলাঘাটত এইপৰ্যন্ত ৫১৯গৰাকীলৈ বৃদ্ধি ক’ভিড পজিটিভ, ইয়াৰে ১২৬গৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।