বৰ্বৰ! ডাইনীৰ সন্দেহত দুজনক নৃশংস হত্যা

নৃশংস-বৰ্বৰ-শিহৰণকাৰী৷ ৰাজ্যত পুনৰ ডাইনী হত্যাৰ ঘটনা৷ ঘটনাৰ স্থান পুনৰ কাৰ্বি আংলং৷ অভি-নীল হত্যাকাণ্ডৰ চাঞ্চল্য বৰ্তমানেও ৰাজ্যত অব্যাহত৷ বৰ্তমানেও ন্যায় পোৱা নাই কাৰ্বি আংলঙৰ ডকমকাৰ একাংশ উন্মাদ লোকৰ আক্ৰমণত প্ৰাণ হেৰুওৱা অভি-নীলে৷ কিন্তু নৃশংস হত্যাকাণ্ড সংঘটিত কৰি পুনৰ শিৰোণামত কাৰ্বি আংলঙৰ ডকমকা৷ ডকমকা থানাৰ লাংহিনৰ ৰহিমাপুৰত সংঘটিত এক নৃশংস হত্যাকাণ্ড৷ একাংশ উন্মাদ লোকে ডাইনীৰ সন্দেহত হত্যা কৰে এগৰাকী মহিলাক৷ গাঁওবাসীয়ে মহিলাগৰাকীক নিৰ্মমভাৱে হত্যা কৰিবলৈ লওতে এগৰাকী শিক্ষকে বাধা দিয়ে যদিও উন্মাদ জনতাই শিক্ষকজনকো নৃশংসভাৱে হত্যা কৰে৷
কেৱল হত্যাকাণ্ডতে ক্ষান্ত নাথাকি উন্মাদ একাংশই দুয়োৰে শিৰচ্ছেদ কৰে৷ পৰৱৰ্তী সময়ত দুয়োৰে মৃতদেহটো এখন নদী পাৰ কৰি চোঁচৰাই নি পাহাৰৰ টিলাত দাহ কৰে৷ উন্মাদ একাংশই মহিলাগৰাকীৰ জীয়ৰীগৰাকীকো হত্যাৰ চেষ্টা চলায় যদিও ধাননিৰ মাজত লুকাই কথমপি প্ৰাণৰক্ষা কৰে কিশোৰী জীয়ৰীগৰাকীয়ে৷ বৃহস্পতিবাৰে কিশোৰীগৰাকীয়ে ডকমকা থানাত উপস্থিত হৈ আৰক্ষীৰ আগত ঘটনাৱলী অৱগত কৰায়৷
লক্ষ্যণীয়ভাৱে বৃহস্পতিবাৰে পুৱাতেই ঘটনাৰে জড়িত এজন দুষ্কৃতিকাৰীয়ে ডকমকা থানাত আত্মসমৰ্পণ কৰে৷ ঘটনাৰ উমান পায়েই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আৰু উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে আটক কৰিছে ৯জনকৈ লোকক৷
অভি-নীল, দেৱেন দত্তৰ পিছত ৰাজ্যৰ নৃশংসতাৰ বলি হোৱাৰ তালিকাত নাম সোমাল কাৰ্বি আংলঙৰ ডকমকাৰ বিজয় গড় আৰু ৰমাৱতী হালোৱাৰ৷ প্ৰতিবছৰে ৰাজ্যত সংঘটিত হৈয়েই আছে এটাৰ পিছত আনটো নৃশংস হত্যাকাণ্ড৷ আইনী মেৰপেচতে সীমাৱদ্ধ হৈ থাকে ঘটনাৰ তদন্ত৷