Local, Vocal, Global

নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক জড়িত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত

নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক জড়িত  গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ পৰা আৰম্ভ কৰি নাগালেণ্ডৰ প্ৰাক্তন বিধায়কলৈকে গঁড়ৰ খৰ্গৰ চোৰাং  ব্যৱসায়ৰ এক বৃহৎ চক্ৰ ধৰা পৰিছে বনবিভাগৰ তদন্তত। বিশেষ সূত্ৰৰ পম খেদি যোৱা ২৫ ছেপ্তেম্বৰত বনবিভাগে আটক কৰা কাজিৰঙাৰ কাৰ্বি আংলঙ জিলাৰ অন্তৰ্গত ইংলেপথাৰৰ ৰামেশ্বৰ চিংনাৰ নামৰ এজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত  দীৰ্ঘ দিন ধৰি গঁড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ত জড়িত এক বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় বন বিভাগ। কাৰ্বি আংলঙৰ ইংলেপথাৰৰ ধৃত ৰামেশ্বৰ চিংনাৰ নামৰ চোৰাং ব্যৱসায়ী জনৰ নেতৃত্বত কাজিৰঙা অঞ্চলত গঁড়ৰ খৰ্গৰ বৃহৎ চোৰাং কাৰবাৰ চলি থকা বুলি বনবিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। আৰক্ষী আৰু এচ টি এফৰ সৈতে বন বিভাগে চলোৱা অভিযানত দুটা গঁড়ৰ খৰ্গ ৰামেশ্বৰৰ যোগেদি কাৰ্বিআংলঙৰ ডিফুৰ পৰা নাগালেণ্ডলৈ প্ৰেৰণ কৰাৰ তথ্য লাভ কৰিছে বন বিভাগে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বৰবিল মিচিং গাঁৱৰ ধনপুৰ কাৰ্দং নামৰ লোকজনে অবৈধ ভাৱে ৰাষ্ট্ৰীয় উদ্যানত মহ চৰাবলৈ গৈ মাটিত পৰি অৱস্থাত লাভ কৰা এটা গঁড়ৰ খৰ্গ বিক্ৰী কৰিছিল ৰামেশ্বৰক। আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ দুজন হাতী মাউতে ২০১৮ চনত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা এটা খৰ্গ বিভাগক জমা নিদি বিক্ৰী কৰিছিল ৰামেশ্বৰক। বনবিভাগৰ সূত্ৰ মতে নাগালেণ্ডৰ টুৱেনচাঙ সমষ্টিৰ প্ৰাক্তন বিধায়কৰ পত্নী মেডাম ৰোথ্ৰা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত প্ৰত্যক্ষ ভাৱে জড়িত। আনহাতে চক্ৰটোত একাংশ তথাকথিত ভদ্ৰতাৰ মুখা পিন্ধা লোক জড়িত আছে বুলি বনবিভাগৰ সূত্ৰত প্ৰকাশ। বনবিভাগে অভিযান চলাই ইতিমধ্যে ডিফুৰ মানচিং ইংতি নামৰ এজন লোকক আটক কৰাৰ লগতে বোকাখাতৰ মৃদুল পেগু আৰু গণেশ দলে নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ তদুপৰি কাৰ্বি আংলঙৰ হৰি ইংতি,জয়চিং ৰংহাঙ,বিমান টাৰ’কে আদি কৰি ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৃহৎ চোৰাং চক্ৰটোৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই আছে। অৱশ্যে নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক  আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই কথা স্পষ্ট কৰা নাই বনবিভাগে।