দেশত পুনৰ আৰম্ভ হ’ব ২০০ খন ৰে’লৰ চলাচল

সুখবৰ! পুনৰ ২০০ খন ৰে’লৰ আৰম্ভ হ’ব চলাচল। কৰ’না মহামাৰীৰ বাবে দেশত অস্বাভাৱিক হৈ পৰিছিল ৰে’লৰ চলাচল। কিন্তু শেহতীয়াকৈ ক্ৰমাৎ ৰে’ল বিভাগে পৰ্যায় ক্ৰমে দেশৰ ৰে’ল চলাচল আৰম্ভ কৰিবলৈ লৈছে। ১৫ অক্টোৱৰত দেশত পুনৰ ২০০ খন ৰে’লৰ চলাচলৰ আৰম্ভ কৰিব ভাৰতীয় ৰে’ল বিভাগে। দিল্লীৰ সৈতে সংযুক্ত হোৱা দেশৰ ভিন্ন প্ৰান্তৰ ২০০ খন বিশেষ ৰে’লৰ চলাচল অহা ১৫ অক্টোবৰৰ পৰা ৩০ নবেম্বৰলৈ চলিব।
উল্লেখ্য যে, ২২ মে’ পৰা দেশত ২০০ ৰে’লৰ চলাচল আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত ১ জুনৰ পৰা পুনৰ ১০০ খন ৰে’লৰ চলাচল অব্যাহত আছে। এই তথ্য সদৰী কৰিছে ভাৰতীয় ৰে’লৱেৰ CEO বি.কে যাদবে।