কৰ’নাৰ আতংকৰ মাজতে পৰম্পৰাগত ভাবে কৃষিকাৰ্যত ব্যস্ত কৃষক
কৰ’নাৰ আতংকৰ মাজতে পৰম্পৰাগত ভাবে কৃষিকাৰ্যত ব্যস্ত কৃষক। বোকাময় পথাৰত সৃষ্টিৰ আখৰা, হালোৱা-ৰোৱনীৰ পৰশত জীপাল হৈছে পথাৰ । কৰ’নাত আক্ৰান্ত সমগ্ৰ ৰাজ্য, আনফালে ব্যস্ততা বাঢ়িছে চহা কৃষকৰ। পথাৰত এতিয়া সৃষ্টিৰ বীজ ৰোপন কৰা সময়। বোকাময় পথাৰত কঠিয়া ৰোৱাৰ সময় এয়া। মুখত মাক্স লগাই হলেও এতিয়া কৃষকে পথাৰত আয়োজন কৰিছে ন ভুঁই ৰুবলৈ। পথাৰৰ আলিতেই তৰাপুলি এডাল নাইবা ক’লা কচু এজোপা ৰুই তামোল পান এযোৰ দি ‘গুৰুক দিম, ভকতক দিম’ বুলি আই লখিমী নদন বদন হৈ উঠিবলৈ মনত প্ৰাৰ্থনা কৰি গৃহস্থই প্ৰথম গছ ৰোৱাৰ পাছতে ৰোৱনীয়ে ন ভুঁই ৰুবলৈ আৰম্ভ কৰে। সময় পৰিৱৰ্তন হৈছে যদিও চৰাইদেউ জিলাৰ দিৰৈ-ৰাঙলী অঞ্চলত পৰিৱৰ্তন হোৱা নাই কৃষি পৰম্পৰা। অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে পথাৰত নামি পালন কৰিলে ন ভুঁই ৰোৱাৰ হাঁউৰি উৎসৱ। দহ-পোন্ধৰখন গৰুৰ হালে বোকাময় কৰি তোলা পথাৰত হাঁহি-খিকিন্দালিৰ মাজেৰেই এতিয়া ৰোৱনীয়ে ৰোপন কৰিছে সেউজীয়া সপোন। মুঠৰ ওপৰত এতিয়াও হেৰাই যোৱা নাই হাঁউৰিৰ পৰম্পৰা। খেতিৰ পথাৰত এঘৰে আনঘৰক সহায় কৰা সেই পৰম্পৰাই যেন এতিয়াও জীয়াই ৰাখিছে সম্প্ৰীতিৰ বান্ধোন ।