Local, Vocal, Global

সাপ্তাহিক লকডাউনৰ মাজতে গোলাঘাটত অঘটন

সাপ্তাহিক লকডাউনৰ মাজতে নিশা গোলাঘাটত অঘটন। দুৰ্বৃত্তই ক্ষতিসাধন কৰিলে ৬খনকৈ বিলাসী বাহনৰ। গোলাঘাট নগৰৰ দুমহলীয়া গাড়ী আস্থানত ৰখাই থোৱা ৬খনকৈ বিলাসী গাড়ীৰ কম বেছি পৰিমাণে ক্ষতিসাধন কৰে দুৰ্বৃত্তই। উল্লেখ্য যে প্ৰত্যেক দিনাৰ দৰে যোৱা নিশাও স্বত্বাধিকাৰ সকলে নিজৰ নিজৰ গাড়ী সমূহ নিশাটোৰ বাবে পাৰ্কিং কৰিছিল দুমহলীয়া গাড়ী আস্থানত। দুৰ্বৃত্তই ক্ষতিসাধন কৰা গাড়ী সমূহৰ ভিতৰত ৩খনকৈ ইন’ভা,২খন ফৰ্চুনাৰ আৰু এখন ইণ্ডিকা । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।