Local, Vocal, Global

প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত টুইটাৰ হেণ্ডল হেক

দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ছাইবাৰ অপৰাধৰ সংখ্যা। ছাইবাৰ অপৰাধীৰ হাতৰ পৰাই সাৰি নগ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডল। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত টুইটাৰ একাউন্ট হেক কৰিলে দুষ্টচক্ৰই। টুইটাৰ হেণ্ডেল হেক কৰি হেকাৰে দাবী কৰিলে দান-বৰঙণি। ক’ভিডৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিত দাবী কৰিলে দান-বৰঙণি। হেক কৰা গ্ৰুপটোৰ নাম জন উইক বুলি জানিব পৰা গৈছে। ইতিমধ্যে হেকাৰে ডিলিট কৰিছে দান-বৰঙণি দাবী কৰা বিশেষ টুইটতো।