Local, Vocal, Global

মহিষাসুৰৰূপী কৰ’নাৰ সৈতে আপোচ কৰিব লাগিব দুৰ্গা দেৱীয়ে

সমাগত শাৰদীয় দুৰ্গোৎসৱ। মহিষাসুৰৰূপী কৰ’নাৰ সৈতে আপোচ কৰিব লাগিব দুৰ্গা দেৱীয়ে। শাৰদীয় দুৰ্গোৎসৱৰ বাবে কিছুদিন বাকী থকাৰ পূৰ্বেই এইবাৰৰ দুৰ্গা পূজাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে জল্পনা-কল্পনা। কিন্তু কেনেকুৱা হ’ব এইবাৰৰ দুৰ্গোৎসৱ? কাল কৰ’নাই বিধ্বস্ত কৰা বিশ্বৰ লগতে অসমত এইবাৰৰ দুৰ্গা পূজাত নাথাকে কোনো ধৰণৰ জাকজমকতা। নাথাকে পূৰ্বৰ দৰে জাকজমকতা, নাথাকে ওখ মূৰ্তিৰ প্ৰতিমা। মূৰ্তিৰ পৰিৱৰ্তে এইবাৰ ঘট পূজাতে সীমাৱদ্ধ থাকিব দুৰ্গতিনাশিনী দুৰ্গা পূজা।

কৰ’নাৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পূজা কমিটীসমূহে। ছুইছ গে’ট, ৰেষ্ট কেম্পৰ লগতে মহানগৰবাসীয়ে দেখা নাপাব পূৰ্বৰ দৰে জাকজমকতা। মহানগৰীৰ ৭৫ শতাংশ পূজা কমিটীয়ে দেৱীৰ প্ৰতিমাৰ সলনি কৰিব ঘট পূজা। গুৱাহাটী জিলা প্ৰশাসন আৰু আৰক্ষী উচ্চ পদস্থ বিষয়াৰ সৈতে ২০০ৰো অধিক পূজা কমিটীৰ বিষয়ববীয়াৰ এক বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত আগন্তক দুৰ্গা পূজা উদযাপন সন্দৰ্ভত কেতবোৰ গুৰুত্বপুৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। পূজা সমিতিৰ সিদ্ধান্ত মৰ্মে এইবাৰৰ দূৰ্গা পূজাত নাথাকে সাস্কৃতিক সন্ধিয়া।

আনহাতে সমাগত বিশ্বকৰ্মা পূজাতো সামাজিক দূৰত্ব বৰ্তাই কেৱল ৫০গৰাকী লোকৰ উপস্থিতিত পূজাৰ আয়োজন কৰাৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে‌।