ভয়ংকৰ! ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩,৫৫৫ গৰাকী
ৰাজ্যত উদ্দেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ৩৫৫৫ গৰাকী। ইয়াৰ বিপৰীতে বুধবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১৮৩৪ গৰাকী ৰোগীয়ে। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ মৃত্য ৮গৰাকী ৰোগীৰ। নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৯২৪ কামৰূপ (মহানগৰ) জিলাৰ, ২৩৬গৰাকী নগাঁও জিলাৰ আৰু ২০০গৰাকী বাক্সা জিলাৰ আৰু ২১৩গৰাকী ডিব্ৰুগড়ৰ জিলাৰ।
বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ১৫ হাজাৰ ২৭৯ গৰাকী। বৰ্তমানলৈ ৮৮,৭২৬গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩২৩ গৰাকী ৰোগীৰ। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৬,২২৭ গৰাকী ৰোগী।
বুধবাৰৰ দিনটোত ৰাজ্যত ৪৭,৭৪৪ গৰাকী লোকৰ SWAB টেষ্ট সম্পন্ন কৰাৰ অন্তত আক্ৰান্তৰ হাৰ ৭.৪৪ শতাংশ।