কেন্দ্ৰীয় কৰ্মচাৰীলৈ মোডী চৰকাৰৰ উৎসৱৰ উপহাৰ
শাৰদীয় দুৰ্গোৎসৱৰ বতৰত কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ চাকৰীয়াল সকলৰ বাবে এটা ভাল খবৰ। দেশৰ ৩০.৬৭ লাখ কেন্দ্ৰীয় চাকৰিয়ালে পাব বিশেষ বোনাচ । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই প্ৰস্তাৱ। কেবিনেটৰ প্ৰস্তাৱ মৰ্মে অনতি পলমে কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ ৩০.৬৭ লাখ নন-গেজেটেড চাকৰিয়ালক দিব লগীয়া Productivty Linked Bonus ৰ বাবদ ৩,৭৩৭ কোটি টকা অনুমোদন দিয়া হৈছে। এই দুৰ্গা পূজাৰ বিজয়া দশমীৰ পূৰ্বেই সংশ্লিষ্ট কৰ্মচাৰী সকলক দিয়াৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত।