Local, Vocal, Global

অসমত প্ৰথমবাৰৰ বাবে হাতী হত্যা কৰা ৰে’ল ইঞ্জিন জব্দ

অসমত হাতী হত্যা কৰা ৰে’ল ইঞ্জিন জব্দ। অসমৰ বন বিভাগে মংগলবাৰে এখন মালবাহী ৰে’লৰ ইঞ্জিন জব্দ কৰে। এই ইঞ্জিনটোৱে লামডিং ৰিজাৰ্ভ ফৰেষ্টৰ মাজেৰে যোৱা ৰেল পথত এজনী মাইকী হাতী আৰু এটা পোৱালী মহতিয়াই নিয়ে।এইটো হৈছে ৰে’ল ইঞ্জিন জব্দ হোৱা প্ৰথম ঘটনা। এই ক্ষেত্ৰত ৰে’ল বিভাগৰ ওপৰত পৰবৰ্তী সময়ত আৰু কঠোৰ হব বুলি অসমৰ পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবদ্যই মত প্ৰকাশ কৰে । অসমৰ মুখ্য বন প্ৰবন্ধক মহেন্দ্ৰ কুমাৰ যাদৱে জনাই যে যোৱা ২৭ ছেপ্তম্বৰত এই ঘটনাটো হয় আৰু ২০ অক্টোৱৰত গুৱাহাটী বমুণীমৈদামৰ পৰা ১২৪৪০ নম্বৰ  ইঞ্জিনটো জব্দ কৰা হয়। ৰে’ল বিভাগক বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰে’ল পথত ৰে’লৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ লিখিত ভাবে জনোৱা হৈছে বুলি অসমৰ মুখ্য বন প্ৰবন্ধক মহেন্দ্ৰ কুমাৰ যাদৱে উল্লেখ কৰে।