ক’ৰনা ভেকচিনৰ দাম হ’ব ১৮৫৫ টকাৰ পৰা ২৭৫০ টকা
ক’ৰনাৰ প্ৰতিষেধকৰ আশাত বন্দী সমগ্ৰ বিশ্ব৷ শেহতীয়াকৈ তৃতীয় তথা চূড়ান্ত পর্যায়ৰ ক্লিনিকেল ট্ৰায়েল সম্পূর্ণ হৈছে আমেৰিকাৰ মডাৰ্না নামে প্ৰতিষ্ঠানে উদ্ভাৱন কৰা ক’ৰনা প্ৰতিষেধক৷ মডাৰ্নাৰ প্ৰতিষেধক ৯৪.৫ শতাংশ কার্য্যকৰী বুলি প্ৰতিপন্ন হোৱাৰ মাজতে পোহৰলৈ আহিছে এই প্ৰতিষেধকৰ সাম্ভাৱ্য মূল্য ৷ মডাৰ্নাৰ মুখ্য কার্য্যবাহী ষ্টিফেন বাঞ্চেলে প্ৰকাশ কৰিছে যে তেওঁলোকে ক’ৰনাৰ প্ৰতিপালি প্ৰতিষেধকৰ বাবে চৰকাৰৰ পৰা ২৫ মার্কিন ডলাৰৰ পৰা ৩৭ মার্কিন ডলাৰ পর্যন্ত দাম বিচাৰিব৷ সেই অনুসৰি ভাৰতীয় টকাৰ হিচাপত মডাৰ্নাৰ প্ৰতিষেধকৰ মূল্য হ’ব ১৮৫৫ টকাৰ পৰা ২৭৫৫ টকা৷ এখন জার্মান সাপ্তাহিকৰ আগত বাঞ্চেলে প্ৰকাশ কৰা মতে তেওঁলোকে প্ৰস্তুত কৰা প্ৰতিষেধকৰ মূল্য চৰকাৰে দিয়া অর্ডাৰৰ ওপৰত নির্ভৰ কৰিব৷ আনহাতে মডাৰ্নাৰ দ্বাৰা উদ্ভাৱিত প্ৰতিষেধক পোৱাৰ বাবে প্ৰতিষ্ঠানটোৰ সৈতে আলোচনা অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে ফাইজাৰ নামৰ প্ৰতিষ্ঠানৰ পাছত শেষ পর্যায়ৰ ট্ৰায়েলৰ ফলাফল ঘোষণা কৰা দ্বিতীয়টো প্ৰতিষ্ঠান হ’ল মডাৰ্না৷