Local, Vocal, Global

মগজুৰ অস্ত্ৰোপচাৰ কালত ৰোগীয়ে চালে বিগ বচ

এগৰাকী ৩৩ বছৰীয়া ৰোগীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল৷ অস্ত্ৰোপচাৰৰ সময়চোৱাত ৰোগীগৰাকীক চাই থাকিবলৈ দিয়া হ’ল ৰিয়েলিটি টিভি শ্ব’ বিগ বচ৷ বিগ বচ চাই তেওঁ চালে হলীউডৰ ছবি অবতাৰ৷ অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰত এখন চিকিৎসালয়ত এই ঘটনা৷ ভাৰা প্ৰসাদ নামৰ মগজুৰ পৰা এটা টিউমাৰ আঁতৰোৱাৰ বাবে লোকজনক গুন্টুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হৈছিল৷ এই অস্ত্ৰোপচাৰৰ সময়চোৱাত ৰোগীগৰাকী সাৰে থকাটো আছিল অত্যন্ত প্ৰয়োজনীয়৷ সেয়েহে অস্ত্ৰোপচাৰৰ গোটেই সময়খিনিত ৰোগীজনক চাবলৈ দিয়া হ’ল বিগ বচ আৰু অবতাৰ৷ ইয়াৰ পূর্বে ২০১৬ চনতো ভাৰা প্ৰসাদৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল যদিও সেয়া সম্পূর্ণৰূপে সফল হোৱা নাছিল৷ এইবাৰ গুন্টুৰৰ বৃন্দা নিউৰো চেণ্টাৰ চিকিৎসালয়খনত সম্পন্ন কৰা হৈছিল ভাৰা প্ৰসাদৰ দ্বিতীয়টো অস্ত্ৰোপচাৰ৷ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈ যায় আৰু শনিবাৰে সুস্থ হৈ উঠা ভাৰা প্ৰসাদক হস্পিতালৰ পৰা যাবলৈ দিয়া হয়৷