Local, Vocal, Global

বিংগ’ৰ বিজ্ঞাপনক লৈ সমালোচিত ৰণবীৰ সিং

এইবাৰ আন এক বিজ্ঞাপন বিতৰ্ক৷ বিংগ’ মেড এংগ’লছৰ শেহতীয়া এক বিজ্ঞাপনক লৈ সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ সমালোচনাৰ লক্ষ্য হৈছে ৰণবীৰ সিং৷ বিংগ’ৰ বিজ্ঞাপনটোত দেখা গৈছে ৰণবীৰ সিঙে ফ’টন, এলগৰিথিম, পাৰাডক্স আদি কেতবোৰ শব্দ নিজৰ সংলাপত উচ্চাৰণ কৰিছে৷বিজ্ঞাপনটোত দেখা গৈছে ঘৰুৱা এক পার্টী চলি থাকোতে এজন লোকে ৰণবীৰ সিঙক সুধিছে ‘বেটা আগে কিয়া প্লেন হ্যেই?’ তাৰ উত্তৰ দিয়াৰ পূৰ্বে মেড এংগ’লছ খাইছে ৰণবীৰে৷ তাৰপাছতেই উত্তৰ দিবলৈ গৈ সংগতিহীন কিছুমান জটিল তথা বিজ্ঞানৰ শব্দ কৈ গৈছে ৰণবীৰে৷ তাৰমাজতে ৰণবীৰে উচ্চাৰণ কৰা ফ’টন, এলগৰিথিম, পাৰাডক্স আদি শব্দক লৈ সৃষ্টি হৈছে বিতর্কৰ৷ সুশান্ত সিঙৰ অনুৰাগীৰ মতে সততে বিজ্ঞানৰ কথা কৈ ভালপোৱা প্ৰয়াত অভিনেতাজনক তাচ্চিল্য কৰিবলৈকে ৰণবীৰৰ মুখত বিজ্ঞানৰ বিভিন্ন শব্দ দিয়া হৈছে৷ সেয়েহে বিভিন্ন সামাজিক মাধ্যমত বিংগ’ আৰু ৰণবীৰ সিঙক আক্ৰমণৰ লক্ষ্য কৰি #BoycottBingo হেছটেগেৰে মন্তব্য প্ৰকাশ কৰিছে সুশান্ত সিঙৰ অনুৰাগীসকলে৷ এজন প্ৰয়াত অভিনেতাক হেয় কৰা বুলি ৰণবীৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশই৷

বিংগ’ৰ বিজ্ঞাপনত সমালোচনা আৰু ডিজলাইকৰ সংখ্যা বৃদ্ধি পোৱাত সামাজিক মাধ্যমত বিংগ’ই কমেন্ট চেকশ্যন বন্ধ কৰি দিছে আৰু জাৰি কৰিছে এক প্ৰেছ বিজ্ঞপ্তি৷ সমালোচকসকলৰ অভিযোগ মিছা বুলি দাবী কৰি বিংগ’ই জনাইছে যে বিতর্কিত বিজ্ঞাপনটো ২০১৯ চনৰ অক্টোবৰ মাহতে প্ৰস্তুত কৰা হৈছে৷ কিন্তু বিংগ’ৰ বিশেষ প্ৰডাক্টবিধ বজাৰলৈ আহোতে পলম হোৱা বাবেহে বিজ্ঞাপনটো এতিয়া প্ৰচাৰ হৈছে৷ ইয়াৰ দ্বাৰা এজন প্ৰয়াত অভিনেতাক হেয় কৰাৰ কোনো প্ৰশ্নই নুঠে৷ সেয়া যিয়েই নহওক সমালোচকসকলে এতিয়াও আক্ৰমণ চলাই আছে বিংগ’ আৰু ৰণবীৰ কাপুৰৰ ওপৰত৷