Local, Vocal, Global

বিধায়কৰ বাহন দুৰ্ঘটনাগ্ৰস্ত !বিধায়কৰ বাহনত খুন্দা মা ৩খনকৈ বাহনৰ

ডিজিটেল ডেস্ক:- বিধায়কৰ বাহন দুৰ্ঘটনাগ্ৰস্ত! এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ মুখামুখী হয় বিধায়ক ৰূপক শৰ্মাৰ বাহন ।

নগাঁৱৰ বিধায়কজনৰ বাহনত খুন্দা মাৰিলে ৩খনকৈ বাহনে।ৰহাৰ আমনিশালীত সংঘটিত হয় এই দুৰ্ঘটনাটো। নিশা ৭.৩০ বজাৰ পৰা ৮ বজাৰ ভিতৰত গুৱাহাটীৰ পৰা নগাওঁ অভিমুখে গৈ থকাৰ অৱস্থাতে বিধায়ক ৰূপক শৰ্মা বাহন দুৰ্ঘটনাগ্ৰস্ত হয়

।জানিব পৰা মতে, ভূল দিশৰ পৰা এখন যাত্ৰীবাহী টেম্প’ৰ বাবেই সংঘটিত এই দুৰ্ঘটনাটো।ঘাইপথেৰে ৰূপক শৰ্মাৰ বাহনৰ পিছে পিছে গৈ আছিল কেইবাখনো বাহন আৰু পথৰ দাঁতিত ৰখাই থোৱা আছিল এখন ট্ৰাক।

এনে সময়তে মৰিগাওঁমুখী চাৰ্ভিছ ৰোডৰ পৰা তীব্ৰ গতিৰে ওলাই আহি থকা বিপৰীতমুখে যাত্ৰা কৰিব খোজা এখন টেম্পই প্ৰচণ্ড জোৰে খুন্দা মাৰে ৰূপক শৰ্মাৰ বাহনখনক ।খুন্দা মৰাত বাহনখনৰ চালকে কথমপি টেম্পখনক বচাই যদিও ৰৈ থকা ট্ৰাকখনত চাইদত খুন্দা মাৰে।উল্লেখ্য যে, বিধায়ক গৰাকীৰ ইন’ভা বাহনত পিছফালৰ পৰা খুন্দিয়ালে আন বাহনে।দূৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক।
আনহাতে বিধায়কগৰাকীৰ পিছে পিছে আহি থকা ৪ খন সৰু বাহনে টেম্পখনৰ সৈতে সংঘৰ্ষ হয়।

অৱশ্যে বাহনত থকা মহিলা, শিশুসহ যাত্ৰীসকলে সামন্য আঘাত পায় ।ঘটনাটোত কেইবাখনো বাহন গুৰুতৰ ভাৱে ক্ষতিগ্ৰস্ত হয়। ইয়াৰে টেম্পখহ ৩ খন বাহন আৰক্ষীয়ে ক্ৰণেৰেহে উদ্ধাৰ কৰে। ভয়ংকৰ দুৰ্ঘটনাটোত কুৰি গৰাকীৰো অধিক লোক পতিত হলেও আহত হোৱাৰ পৰা ৰক্ষা পৰে।

দুৰ্ঘটনাত পতিত হোৱা বাহন কেইখনৰ নম্বৰ ক্ৰমে- এ এছ ০১ এফ ই ৬৮২৩, এ এছ ২৫ বি চি ৫২৯৫, এ এছ ০১ এফ ই ৬৮২৩, এ এছ ০১ জে চি ৭০০৪।