Local, Vocal, Global

হাইলাকান্দি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট সহ গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক…

ডিজিটেল ডেস্ক:- হাইলাকান্দি আৰক্ষীৰ বৃহৎ সফলতা ।হাইলাকান্দি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট সহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। বৃহৎ পৰিমাণ ইয়াবা টেবলেট সহ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ।

বুধবাৰে হাইলাকান্দি জিলাৰ নাৰায়নপুৰ তৃতীয় খণ্ডৰ পৰা আৰক্ষীয়ে মুঠ ১০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে।জানিব পৰা মতে, ড্ৰাগছ ব্যৱসায়ী বিলাল উদ্দিন চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে,গ্ৰাহক হৈ ড্ৰাগছ ব্যবসায়ীক জালত পেলায় আৰক্ষীয়ে।

বুধবাৰে হাইলাকান্দি শহৰতলীৰ নাৰায়নপুৰ তৃতীয় খণ্ডত ড্ৰাগছ ক্ৰয় কৰাৰ চলেৰে গ্ৰাহকৰ ছদ্মবেশত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ পাং পাতিছিল।

ড্ৰাগছ বেচিবলৈ আহোতে বিলাল উদ্দিন নামৰ কুখ্যাত ড্ৰাগ পাচাৰকাৰিক আৰক্ষীয়ে হাতে লোটে ধৰা পেলায় আৰু গ্ৰেপ্তাৰ কৰে।

ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে মুঠ ১০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ইয়াবা টেবলেটৰ খিনিৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব বুলি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নবনীত মহন্তই জানিবলৈ দিয়ে।