Local, Vocal, Global

উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী,৩৫ হাজাৰ টকা ঘোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত চৰকাৰী কৰ্মচাৰী

ডিজিটেল ডেস্ক:- পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী।এইবাৰ চামগুৰিত উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী।এইবাৰ হাত দাঙিলে জনস্বাস্থ্য কাৰিকৰি বিভাগৰ এগৰাকী গাননিক।৩৫ হাজাৰ টকা ঘোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত চামগুৰিত এজন ঠিকাদাৰৰ।বুধবাৰে নিশা হাতে-লোটে গ্ৰেপ্তাৰ হ’ল গাণনিক পুলিন শ‍ইকীয়া।

এজন পিছত এজন গ্ৰেপ্তাৰ হৈ আছে চৰকাৰী বিষয়া।৬ দিনৰ পিছত চামগুৰিত পুনৰ হাত দাঙিলে চৰকাৰী বিষয়া।জল জীৱন আঁচনিৰ বিল মোকলাই দিয়াৰ নামত বোকাখাত PHEৰ কাৰ্যবাহী অভিযন্তা কার্যালয়ৰ কৰ্মচাৰী পুলিন শ‍ইকীয়াই ধন লৈছিল ।

ধৃত পুলিন শইকীয়া নামৰ চৰকাৰী কৰ্মচাৰী জনে উৎকোচ বিচাৰি চামগুৰিলৈ মাতিছিল অভিযোগকাৰী ঠিকাদাৰ গৰাকীক।

উল্লেখ্য যে, নিশা তিনি মান পৰ্য্যন্ত ধৃত পুলিন শইকীয়া শহুৰেকৰ গৃহত তথ্য আৰু অবৈধভাৱে মজুত কৰি ৰখা ধন বিচাৰি অভিযান চলাইছে দুৰ্নীতি নিবাৰকৰ দলে।

সুত্ৰৰ মতে, অভিযানকালত পুলিন শইকীয়াৰ শহুৰেকৰ গৃহৰ পৰা কিছু আপত্তিজনক তথ্য তথা কেইবা লক্ষাধিক টকাও জব্দ কৰে।উৎকোচ লোৱাৰ সমগ্ৰ ঘটনা নাকচ কৰে ধৃত পুলিন শইকীয়ায়ে। ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংবাদ মাধ্যমৰ সন্মুখত।