Local, Vocal, Global

Ladakh accident: লাডাখত সেনা জোৱানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ শাসক বিৰোধীৰ

নেশ্যনেল ডেস্ক, ২০আগষ্ট : লাডাখত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Ladakh accident)। লাডাখৰ লেহ জিলাত ভাৰতীয় সেনা জোৱান কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত হয় । ফলত ৯জন জোৱান নিহত হোৱাৰ লগতে আহত হয় এজন( 9 Soldiers Killed In Ladakh Accident) ।

লাডাখত সেনাবাহিনীৰ বাহন দ’ খাৱৈত বাগৰি জোৱানৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দেশৰ বাবে তেওঁলোকৰ অৱদান স্মৰণীয় হৈ ৰ’ব সদায়।”

প্রধানমন্ত্রীৰ কার্যালয়ে টুইটাৰত এটা পোষ্ট কৰে আৰু লিখে, “লেহত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাটোত আমি আমাৰ সেনা জোৱান হেৰুৱাইছো । শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো । যিসকল সেনা জোৱান এই দুৰ্ঘটনা আহত হৈছে তেওঁলোকক আশু আৰোগ্য কামনা কৰিছোঁ ।”

লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্স ছাইটত (পূৰ্বতে টুইটাৰ)এটা পোষ্ট কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।ট

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে লিখে, “লাডাখৰ লেহৰ পথ দুৰ্ঘটনাত হোৱা ভয়ংকৰ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ জোৱান হেৰুৱাই আমি দুঃখিত ৷ আহত সেনা জোৱানসকলক ততাতৈয়াকৈ ফিল্ড হাস্পতাললৈ লৈ যোৱা হৈছে । তেওঁলোকৰ দেশৰ প্ৰতি অনুকৰণীয় সেৱা আমি কেতিয়াও পাহৰিব নোৱাৰিম । শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো । আঘাতপ্ৰাপ্ত জোৱানসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ৷”

এই ভয়ংকৰ পথ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও । ছ’চিয়েল মিডিয়া হেণ্ডেলত কংগ্ৰেছৰ সভাপতি গৰাকীয়ে দুখ প্ৰকাশ কৰি কয় যে, দেশখন সৈনিকৰ ওচৰত ‘ঋণী’ হৈ থাকিব আৰু লেহত ৯ জন সেনা জোৱান শ্বহীদ হোৱাৰ খবৰটো অতি দুখজনক । খাৰ্গে লগতে কয় যে, “আমি আমাৰ বীৰ জোৱানসকলৰ ওচৰত সদায় ঋণী হৈ থাকিম । শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ ।”

উল্লেখ্য যে, শনিবাৰে লাডাখৰ লেহ জিলাত ভাৰতীয় সেনা জোৱান কঢ়িওৱা এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই আৰু ৰাস্তাৰ পৰা গভীৰ খাদত পৰে। ফলত কমেও ৯ জন জোৱান নিহত হোৱাৰ লগতে এজন আহত হয় বুলি সেনাৰ সূত্ৰই জানিবলৈ দিয়ে(9 Army personnel killed after vehicle plunges into gorge in Ladakh) ।

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া প্ৰায় ৪.৪৫ বজাত দক্ষিণ লাডাখৰ নিয়োমাৰ কেৰিত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । এই অঞ্চলটো লেহৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত । জানিব পৰা মতে, সেনাবাহিনীৰ বাহনখন কৰু গেৰিছনৰ পৰা কিয়াৰি অভিমুখে গৈ আছিল । লেহৰ পাৰ্বত্য এলেকাৰ পথেৰে গৈ থাকোতে হঠাতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পিছলি গিৰিখাদত পৰি যায়।

লেহৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পি ডি নিত্যই জনাই যে, ১০ জন ভাৰতীয় সেনা জোৱানৰ সৈতে বাহনখন লেহৰ পৰা নিয়োমালৈ গৈ আছিল ৷ কিন্তু গৈ থাকোতে বাহনখনে পথত নিয়ন্ত্ৰণ হেৰুওৱাই ফলত এটা খাদত বাগৰি পৰে ৷ আবেলি ৪.৪৫ বজাত এই ঘটনা সংঘটিত হয় ।

লগতে পঢ়ক :Rahul Gandhi Ladakh Visit: এইবাৰ বাইক Rider ৰ ৰূপত ৰাহুল গান্ধী, নেটিজেনে ক’লে ছুপাৰষ্টাৰ