Local, Vocal, Global

Invest in Assam: ৰাজ্যত প্ৰকল্প স্থাপনৰ আহ্বানেৰে বিনিয়োগকাৰীলৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

গুৱাহাটী, ১৯ আগষ্ট: অসমত ব্যৱসায়িক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ লগতে ৰাজ্যখনে আগবঢ়োৱা বৈচিত্ৰ্যপূৰ্ণ সুযোগক অন্বেষণ কৰিবলৈ বিনিয়োগকাৰীসকলক আদৰণি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ ।

নিজৰ টুইটাৰ হেণ্ডেলত এই কথা উল্লেখ কৰি এটা টুইটৰ জড়িয়তে তেখেতে লিখিলে, “আমি অসমত ব্যৱসায়িক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ লগতে ৰাজ্যখনে আগবঢ়োৱা বৈচিত্ৰ্যপূৰ্ণ সুযোগসমূহ অন্বেষণ কৰিবলৈ সম্ভাৱ্য বিনিয়োগকাৰীসকলক আদৰণি জনোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । প্ৰক্ৰিয়াটোক নিৰবিচ্ছিন্ন আৰু লাভজনক কৰি তুলিবলৈ আমি প্ৰয়োজনীয় সকলো সহায় আগবঢ়াম।”

মুখ্যমন্ত্ৰীৰ এই টুইটটোত, অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি (সংশোধনী), ২০২৩ অনুসৰি, অসমক বিনিয়োগৰ বাবে এটা পছন্দৰ গন্তব্যস্থান বুলি উল্লেখ কৰা হৈছে (Invest in Assam)। লগতে বিনিয়োগকাৰীসকলক অসমক বৃহৎ পৰিসৰৰ প্ৰকল্প স্থাপনৰ বাবে বিচৰা গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ এক প্ৰস্তাৱ অগবঢ়োৱা হৈছে ।

ৰাজ্যত প্ৰকল্প স্থাপনৰ আহ্বানেৰে বিনিয়োগকাৰীলৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

বহুকেইটা চৰ্তৰে ৰাজ্যত মেগা প্ৰকল্প স্থাপনৰ বাবে বিনিয়োগকাৰীসকলক আগবঢ়োৱা কাষ্টমাইজড

ইনছেণ্টিভসমূহ হৈছে এনেধৰণৰ …

# ১০০ কোটি টকাৰ প্ৰাৰম্ভিক বিনিয়োগ
# ২০০ টা স্থায়ী নিয়োগ সৃষ্টিৰ সুযোগ থাকিব লাগিব
# কেৱল ৰাজ্যিক অধিবাসীৰ বাবে থাকিব লাগিব গ্ৰেড 3 আৰু গ্ৰেড 4 ত নিযুক্তি

ইনচেণ্টিভসমূহে সামৰি ল’ব এই সমূহ বিষয় –

মূলধনী বিনিয়োগ/উৎপাদন সংযুক্ত ৰাজসাহায্য
বিদ্যুতৰ মাচুলৰ ওপৰত থাকিব ৰাজসাহায্য
ভূমি ক্ৰয়ৰ ক্ষেত্ৰত থাকিব ৰাজসাহায্য
বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগৰ ওপৰতো থাকিব ৰাজসাহায্য
ষ্টাম্প ড্যুটি ৰিইম্বৰ্চেমেণ্ট
নিয়োগ/দৰমহাৰ ক্ষেত্ৰত ৰাজসাহায্য
ইয়াৰোপৰি উপযুক্ত বুলি বিবেচিত আন যিকোনো বিষয়তো ৰখা হৈছে ইনছেণ্টিভ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰীৰ নেতৃত্বত হ’বলগীয়া এখন ক্ষমতাশালী সমিতিয়ে প্ৰাপ্ত সকলো প্ৰস্তাৱৰ মূল্যায়ন কৰিব । এই নীতিৰ অধীনত ইতিমধ্যে ৫টা কোম্পানীয়ে প্ৰায় ৩০০০ কোটি টকাৰ মুঠ বিনিয়োগেৰে ৰাজ্যত ইউনিট স্থাপনৰ প্ৰক্ৰিয়াত আগ বাঢ়িছে ।

লগতে পঢ়ক: BJP leader slams Himanta Biswa Sarma : নগাঁৱত পুনৰ মুখ খুলিলে প্ৰাক্তন বিজেপি সাংসদ ৰাজেন গোঁহায়ে