Local, Vocal, Global

সীমান্তত পুনৰ মিজো আগ্ৰাসন

অসম-মিজোৰাম সীমান্তত পুনৰ মিজো আগ্ৰাসন, পথ নিৰ্মাণেৰে অসমৰ ভূমি দখলৰ চেষ্টা । কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ বৃদ্ধি পাইছে মিজোৰামৰ আগ্ৰাসন। এইবাৰ অধিক আগ্ৰাসী মনোভাৱেৰে মিজোৰামে অসমৰ ভূখণ্ডত পথ নিৰ্মাণ কৰাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে।

অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ পাগলাচড়া আৰু ফেন্সনগৰৰ প্ৰায় চাৰি কিলোমিটাৰ ভিতৰত প্ৰবেশ কৰি মিজোৰামে এস্কেভেটৰৰ সহায়ত পথৰ নিৰ্মাণ কাৰ্য্য চলাই গৈছে ৷ ইয়াৰোপৰি, অসমৰ ভূমিৰ বিভিন্ন স্থানত মিজোৰামে তেওঁলোকৰ সশস্ত্ৰ আই আৰ বেটেলিয়ন মোতায়ন কৰি ৰাখিছে।

চলিত বৰ্ষৰ ২৬ জুলাইত সীমান্তৰ লাইলাপুৰত গুলীচালনাৰ কাণ্ড সংঘটিত হোৱাৰ পাছৰেপৰা মিজোৰামে অতি কৌশলগতভাৱে অসমৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰে ভিতৰে আগ্ৰাসনৰ নতুন অভিসন্ধি আৰম্ভ কৰিছে।

মিজোৰামৰ ভাইৰেন্টিৰ পৰা পথ নিৰ্মাণৰ কাম আৰম্ভ কৰি অসমৰ প্ৰায় চাৰি কিলোমিটাৰ অংশ দখল কৰি পথৰ নিৰ্মাণ কাৰ্য্য চলাই গৈছে। সীমান্তত নিয়োজিত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু অসমৰ কামাণ্ডো বেটেলিয়ানক এইক্ষেত্ৰত মিজোৰামে সম্পুৰ্ণৰূপে অৱজ্ঞা কৰা দেখা গৈছে। সোমাবাৰে মিজোৰামে ফেন্সনগৰত এটা নতুন পথৰ কাম আৰম্ভ কৰাৰ পাছতে স্থানীয় ৰাইজে এই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে কাছাৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়ববীয়া সকলৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নিৰ্মাণকাৰ্য্য বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি  দীৰ্ঘ দিনৰ পৰা মিজোৰামে অসমৰ ভূমিত এনেদৰে নিৰ্মাণকাৰ্য্য অব্যাহত ৰাখিছে। সীমান্তত নিয়োজিত অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ চকুৰ সম্মুখতেই মিজো সকলে এনেদৰে আগ্ৰাসন চলোৱা কাৰ্য্যক সাধাৰণ ৰাইজে ধিক্কাৰ দিছে। স্থানীয় ৰাইজে শীঘ্ৰে চৰকাৰক এই বিষয়ত গুৰুত্ব আৰোপ কৰাৰ বাবে দাবী জনায়।

ইপিনে, মিজোৰামৰ আগ্ৰাসনৰ খবৰ লাভ কৰি সাংবাদিক সকলে ঘটনাস্থলীত উপস্থিত হয় যদিও আৰক্ষীয়ে সংবাদ কৰ্মী সকলক উক্ত স্থানৰ