Local, Vocal, Global

APDCLত চাকৰিৰ পাবৰ বাবে কিডনী দান

APDCLৰ নিযুক্তি কেলেংকাৰীৰ নামত ভয়ংকৰ কাণ্ড, APDCLত চাকৰিৰ পাবৰ বাবে এজনে কিডনী দান কৰাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমত।

চাকৰিৰ নামত কিডনী দান দিলে এজন দৰিদ্ৰ লোকে। নগাঁৱৰ হিৰোমণি শইকীয়াই চাকৰিৰ বাবে দান দিলে কিডনী। কৰবী বৰা ডেকা নামৰ APDCL ৰ CGM ৰ গৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ। স্বামী দিক্তাক বৰাৰ বাবে কিডনী বিচাৰিছিল CGM কৰবী ডেকাই।

এটা চাকৰিৰ সলনি হিৰোমণি শইকীয়াৰ পৰা এটা কিডনী বিচাৰিছিল বুলি অভিযোগ । APDCL নিযুক্তি কেলেংকাৰীৰ অভিযোগতো CM Vigilance য়ে কিছু দিন পূৰ্বে জেৰা চলাইছিল কৰৱী বৰা ডেকাক।

কিডনী দান কৰাৰ পূৰ্বে বিভিন্ন প্ৰলোভন দিয়াৰ অভিযোগ কৰৱী বৰা ডেকাৰ বিৰুদ্ধে। দৰিদ্ৰ ঘৰৰ হিৰুমণি শইকীয়াইয়ো এটা চৰকাৰী চাকৰি পোৱাৰ আশাত এপল’ হস্পিতালত কিডনী দান কৰিছিল ।

এতিয়া চাকৰি অথবা ধনো নাপাই অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিল ভুক্তভোগী হিৰোমণি শইকীয়া।