Local, Vocal, Global

৮ সন্তানৰ পিতৃয়ে অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিয়া পাতি দেহ ব্যৱসায়ত লগালে

৮ সন্তানৰ পিতৃয়ে জোৰকৈ বিয়া পাতিলে অষ্টম শ্ৰেণীৰ ছাত্ৰীক, পিছত দেহ ব্যৱসায়ত নমাৰ বাবে ভাবুকি । নিষ্ঠুৰতাৰ সীমা চেৰাই যোৱা ঘটনা। এজন ৮ সন্তানৰ পিতৃয়ে বিবাহ কৰালে অষ্টম শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰীক। বিয়াৰ পিছত ঘৰলৈ নি দেহ ব্যৱসায়ত জৰিত হোৱাৰ বাবে অত্যাধিক মাত্ৰাত অত্যাচাৰ চলালে কিশোৰী পত্নীৰ ওপৰত।

এই ঘটনা ঝাৰখণ্ডত সংঘটিত হৈছে। কোৰ্টত বিবাহ কৰাই ঘৰলৈ ঘৰলৈ যেতিয়া কিশোৰী কইনাক লৈ যায় তেতিয়াহে স্বামীৰ পূৰ্বৰ পত্নী আৰু ৮ টা কৈ সন্তান থকাৰ কথা জানিব পাৰে।

বিবাহ বিচ্ছেদৰ কথা উলাই কিন্তু দিন বাগৰাৰ লগে লগে কিশোৰীগৰাকীক দেহ ব্যৱসায়ত নমাৰ বাবে জোৰ দিয়ে স্বামীয়ে। সেই কথাত অমান্তি হোৱাত অত্যাচাৰৰ সীমা চেৰাই যায়।

কিশোৰীগৰাকীৰ চুলি খুৰাই দিয়াৰ লগতে চেলাউৰিয়ো খুৰাই দিয়ে। লগতে কাৰেণ্টৰ শ্বক আৰু নিতৌ মাৰপিট। চলিত বৰ্ষৰে জানুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল কিশোৰী গৰাকী। আৰু তেতিয়াৰে পৰা স্বামীৰ অত্যাচাৰ সহি গৈছিল। পলাই অহাৰো কোনো বাট বিচাৰি পোৱা নাছিল। পিছে অৱশেষত কোনোমতে গৰৰ পৰা পলাই আহি আৰক্ষী আৰু সংবাদ মাধ্যমৰ ওচৰ চাপে ভুক্তভোগী কিশোৰী।

তেতিয়াহে সমুখলৈ আহে এই সমগ্ৰ ঘটনা। আৰক্ষীয়ে কিশোৰীৰ ভাষ্য অনুসৰি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।