Missing army jawan from Assam found dead in Ladakh : লাডাখত উদ্ধাৰ গোগামুখৰ গৌতম ৰাজবংশীৰ মৃতদেহ
নিউজ ডেস্ক,৯জুলাই : লাডাখত উদ্ধাৰ গোগামুখৰ সেনাৰ হাবিলদাৰৰ মৃতদেহ ৷ মৃত হাবিলদাৰজন গোগামুখৰ গৌতম ৰাজবংশী৷ ১০ মাহ পূৰ্বে জোৱানজন লাডাখত সন্ধানহীন হৈ আছিল ৷
উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ৭ অক্টোবৰত লাডাখৰ গুলমাৰ্গত ভাৰতীয় সেনাৰ হৈ আছিল এক বিশেষ প্ৰশিক্ষণ শিৱিৰ ৷ প্ৰশিক্ষকৰ দায়িত্বত আছিল ধেমাজি জিলাৰ গোগামুখৰ গৌতম ৰাজবংশী নামৰ এজন সেনা জোৱান ৷ প্ৰশিক্ষণ প্ৰদান কৰি থকা অৱস্থাতে হঠাৎ হিমস্খলনৰ ফলত ওখ বৰফেৰে আবৃত্ত পৰ্বতৰ পৰা খহি আহে গোগামুখৰ গৌতম ৰাজবংশীৰ লগতে আন তিনিজন সেনা জোৱান ৷ তাৰ পিচৰে পৰা সন্ধানহীন হৈ আছিল জোৱান চাৰিজন(Missing army jawan from Assam found dead in Ladakh) ৷
যোৱা ৮ অক্টোবৰত এজন সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতেই ৪ জন জোৱানকে ছহিদ বুলি ঘোষণা কৰা হয় যদিও তিনিজনৰে মৃতদেহৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ ঘটনা সংঘটিত হোৱাৰ পিচদিনা গৌতম ৰাজবংশীৰ ঘৰলৈ খবৰ দিয়া হয় সেনাৰ শীৰ্ষ পৰ্যায়ৰ পৰা ।
লাডাখত বৰফ অধিক বৃদ্ধি পোৱাৰ বাবে সন্ধানহীন তিনিজনৰে মৃতদেহ উদ্ধাৰ কৰাটো অসম্ভৱ বুলি জানিবলৈ দিছিল শীৰ্ষ সেনা বিষয়াই । জুন, জুলাই মাহত বৰফ গলাৰ পিচতহে মৃতদেহৰ সন্ধানত উদ্ধাৰ অভিযান চলাই ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব বুলি কোৱা হৈছিল ৷
সোমবাৰে গৌতম ৰাজবংশীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াই পৰিয়ালক খবৰ দিয়ে ৷ তাৰ পিচতে গৌতম ৰাজবংশীৰ মাতৃ-পত্নী শোকত ভাগি পৰে ৷ আত্মীয়-কুটুমেৰে ভৰি পৰিছে নিহত গৌতম ৰাজবংশী বাসগৃহ । বুধবাৰে সেনা জোৱানজনৰ মৃতদেহ নিজ বাসগৃহত পোৱাৰ সম্ভাৱনা আছে(Missing army jawan from Assam found dead in Ladakh) ৷
লগতে পঢ়ক : Kamalabari-Nimati Ferry Service Resumes today : মুকলি হ’ল কমলাবাৰী-নিমাতী ফেৰী সেৱা