Kamalabari-Nimati Ferry Service Resumes today : মুকলি হ’ল কমলাবাৰী-নিমাতী ফেৰী সেৱা

নিউজ ডেস্ক,৯জুলাই : মুকলি হ’ল মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা। মঙলবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল ফেৰী সেৱা ।
ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত এই সিদ্ধান্ত গ্ৰহণ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। ব্ৰহ্মপুত্ৰত জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বিগত ১০ দিন ধৰি বন্ধ আছিল ফেৰী সেৱা । ছয়দিন এই সেৱা একেৰাহে বন্ধৰ পাচত পানী কিছু হ্ৰাস পোৱাত এদিন চলিছিল যদিও পাচত জলস্তৰ পুনৰ বৃদ্ধি পোৱাত আকৌ বন্ধ হৈ পৰে ফেৰী সেৱা(Kamalabari-Nimati Ferry Service Resumes today) ।
আজি দুপৰীয়াৰ পৰা কমলাবাৰী- নিমাতীৰ মাজত আৰম্ভ হৈছে গুটীয়া ফেৰী সেৱা । পূৰ্বৰ নদী পথ সলনি কৰি নতুন পথৰে চলাচল কৰিছে ফেৰী।বৰ্তমানেও বন্ধ আছে নিমাতি অফলামুখ ফেৰী সেৱা।