Local, Vocal, Global

সোণাৰি গৰিয়াছিগাত বোৱাৰী নিৰুদ্দেশ

সোণাৰি গৰিয়াছিগাত বোৱাৰী নিৰুদ্দেশ। এজাহাৰ দাখিল।

সাপেখাতীৰ গৰিয়াছিগা নিবাসী ৰাজীৱ তাঁতীৰ পত্নী ৰঞ্জিতা গগৈ তাঁতী যোৱা ১২ আগষ্টৰ পুৱা দহমান বজাতেই মাকৰ ঘৰলৈ গৈ বিয়লী নিজ বাসগৃহলৈ ঘূৰি অহাৰ পাছত দুইকন্যাক দোকানলৈ পঠাই দিয়াৰ পাছতে সন্ধানহীন হৈ পৰে।

দুই কন্যাই দোকানৰ পৰা আহি মাতৃক প্ৰত্যক্ষ নকৰাত পিতৃ ৰাজীৱৰ সহযোগত পৰিয়াল তথা চুবুৰীয়া লোকৰ ঘৰত বিচাৰ খোচাৰ কৰিও কোনো ধৰণৰ সন্ধান লাভ নকৰাত যোৱা ১৪ আগষ্টত আৰক্ষী সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰঞ্জিতাৰ।আজিলৈকে ৰঞ্জিতাৰ কোনো ধৰণৰ সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে ৰাজীৱ তাঁতীৰ লগতে কন্যাদ্বয়।