Local, Vocal, Global

চিৰদিনৰ বাবে পিতৃ মাতৃৰ মৰমৰ পৰা বঞ্চিত কৰিলে মেৰাপানীৰ দুই কিশোৰ কিশোৰীক

পখিলা খেদাৰ বয়সতে কাল ক’ৰনাই চিৰদিনৰ বাবে পিতৃ মাতৃৰ মৰমৰ পৰা বঞ্চিত কৰিলে মেৰাপানীৰ দুই কিশোৰ কিশোৰীক। মহুৰ্তৰ ভিতৰতে থানবান কৰি পেলালে দেৱজিত আৰু দীপালী নামৰ দুই সন্তানৰ জীৱনৰ ৰঙীন সপোনৰবোৰ। শোকাবহ ঘটনাটো মেৰাপানীৰ দীঘলপানী গাঁৱৰ। সপ্তম শ্ৰেণীত অধ্যয়নৰত দেৱজিত আৰু ষষ্ঠ শ্ৰেণীৰ দীপালীৰ পিতৃ ধনেশ্বৰ মুছাহাৰীৰ দুবছৰ পূৰ্বেই মৃত্যু ঘটিছে।

পৰবৰ্তী সময়ত মাতৃ ৰিতা মুছাহাৰীয়েই অশেষ কষ্টেৰে লালন পালন কৰি আহিছিল দেৱজিত আৰু দীপালীক। ব্যৱস্থা কৰিছিল স্কুলীয়া শিক্ষাৰো। কিন্তু বিধিৰ বিপাকত অৱশেষত মাতৃয়েও চাৰিদিন পূৰ্বে চিৰদিনৰ বাবে বিদায় মাগিলে দুই সন্তানৰ পৰা। ক’ভিডত আক্ৰান্ত হৈ বিগত শনিবাৰে নিয়তিৰ ওচৰত হাৰ মানিলে ৰিতা মুছাহাৰীয়ে। আৰু লগেই যেন নিথৰুৱা হৈ পৰিল কণমানি দেৱজিত আৰু দীপালী। বৰ্তমান সময়ত আপোন বুলিবলৈ দেৱজিত আৰু দীপালীৰ কাষত কোনো নাই।

দুৰসম্পৰ্কীয় দুই এজন আৰু গাঁৱৰ ৰাইজৰ সহযোগত সম্পন্ন কৰা হৈছে মৃতকৰ পৰম্পৰাগত নীতি নিয়ম। সম্প্ৰতি পিতৃ মাতৃহীন আপোন ঘৰখন এৰি দোয়োয়ে নিশা আশ্ৰয় গ্ৰহন কৰিছে প্ৰতিবেশীৰ ঘৰত। জীৱন জীৱিকাৰ অৰ্থ বুজি নোপোৱা দেৱজিত দীপালীৰ সন্মুখত এতিয়া মৰুভূমিৰ মৰিচিকা সদৃশ জীৱন। পেটৰ ভাটমুঠিৰ যোগাৰ, আগন্তুক শিক্ষাজীৱনৰ পৰিকল্পনা কণমানি দুটিৰ বাবে চিন্তাৰ বাহিৰৰ বিষয়।

পিতৃ মাতৃ দোয়োকে অকালতে হেৰুৱাই একপ্ৰকাৰ বাকৰুদ্ধ হৈ পৰা দুই ভাতৃ ভগ্নীক শান্তনা দিবলৈও যেন আজি ভাষাৰ অভাৱ গাঁওবাসীৰ। সেয়েহে ৰাজ্যচৰকাৰৰ সমাজ কল্যাণ বিভাগক সন্তান দুটিৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে গাঁওবাসীয়ে