Local, Vocal, Global

সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীৰ বাবে অসম চৰকাৰৰ বৃত্তি

অসম চৰকাৰে দশম-একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলৰ বাবে এক বিশেষ জলপানিৰ ঘোষণা কৰিছে। চৰকাৰী, প্ৰাদেশীকৃত, অপ্ৰাদেশীকৃত, চৰকাৰীভাৱে স্বীকৃত ৰাজহুৱা বা ব্যক্তিগত শিক্ষানুষ্ঠান আৰু মহাবিদ্যালয়সমূহৰ সংখ্যালঘু ছাত্ৰীসকলে এই জলপানিৰ বাবে আৱেদন কৰিব পাৰিব। এককালীনভাৱে প্ৰদান কৰিবলগীয়া এই জলপানিৰ পৰিমাণ হ’ল দশম শ্ৰেণীৰ বাবে ২,০০০ টকা আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ বাবে ৪,০০০ টকা। ছাত্ৰীসকলে এই জলপানিৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ ১৭ ডিচেম্বৰ, ২০২০। নিয়মাৱলী আৰু আবেদনৰ বাবে www.dsescholarship.amtron.in আৰু www.madhyamik.assam.gov.in এই দুটা ৱেবছাইট চাব লাগিব।