Local, Vocal, Global

কৃষক বিদ্ৰোহৰ আঁৰত মাওবাদী আৰু খালিস্তানীঃ বিজেপি

কৃষকৰ প্ৰতিবাদত উত্তপ্ত হৈ আছে দিল্লী। তাৰ মাজতে জ্বলা জুইত ঘিঁউ দি বিজেপি নেতাৰ মন্তব্য- কৃষকৰ প্ৰতিবাদৰ আঁৰত খালিস্তানী আৰু মাওবাদীৰ তৎপৰতা। ভাৰতীয় জনতা পাৰ্টীৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই মন্তব্য কৰিছে যে দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে নতুন কৃষি আইনক লৈ ইতিমধ্যে ২৩ নৱেম্বৰত নিৰ্দেশনা জাৰি কৰিছে আৰু আইনখন বলৱৎ কৰাৰ দিশে আগবাঢ়িছে। কিন্তু এতিয়া খালিস্তানী আৰু মাওবাদীবিলাকে প্ৰতিবাদ কৰাৰ লগে লগে কেজৰিৱালে দিল্লী জ্বলোৱাৰ সুযোগ লাভ কৰিছে। এয়া কৃষকৰ কথা নহয়, এয়া ৰাজনীতিহে। টুইটাৰত মালব্যৰ এই মন্তব্যৰ লগে লগে আৰম্ভ হৈছে বিতৰ্কৰ।

দিল্লীত চলি থকা কৃষকৰ প্ৰতিবাদে পঞ্চম দিনত ভৰি দিছে আৰু শেহতীয়াকৈ কৃষকসকলে দেশৰ ৰাজধানী দিল্লী সংযোগী সকলো পথ বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে। আনহাতে চৰকাৰে চৰ্তসাপেক্ষে আগবঢ়োৱা আলোচনাৰ প্ৰস্তাৱো নাকচ কৰিছে প্ৰতিবাদী কৃষকসকলে। শেহতীয়াকৈ বুৰাৰীৰ নিৰানকৰাই সমাগম গ্ৰাউণ্ডত সমবেত হৈ কৃষকসকলে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে। কৃষকৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলত দিল্লীত যানজঁটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।