Local, Vocal, Global

মন্ত্ৰীত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে বিটিআৰৰ বিভিন্ন দল সংগঠন,লৰেঞ্চ ইছলাৰীক’

ইউপিপিএলৰ একমাত্র বিজয়ী প্ৰাৰ্থী তথা কোকৰাঝাৰ জিলাৰ মিত্রজোঁটৰ সমৰ্থিত প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীক মন্ত্ৰীত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে, সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্র সন্থা, সদৌ বিটিআৰ নাথ যোগী ছাত্র সন্থা আৰু সদৌ বিটিআৰ সুত্রধৰ সন্মিলনীয়ে ।সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত জাতি ছাত্র সন্থাৰ সম্পাদক সুজিত দাসে লৰেঞ্চ ইছলাৰীক মন্ত্ৰীত্ব প্ৰদান নকৰাত তীব্র প্ৰতিবাদ কৰাৰ লগতে পৰৱৰ্তি মন্ত্রী সভা সম্প্ৰসাৰণত মন্ত্রীত্ব প্ৰদানৰ বাবে  মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োক আহব্বান জনায়।