ক’ভিড সংকটৰ পৰা পৰিত্ৰাণ দিবৰ বাবে ভাৰতক ১১০ কোটিৰ অনুদান টুইটাৰৰ

মাইক্ৰ’ব্লগিং ছাইট টুইটাৰে ক’ভিড সংকটৰ পৰা পৰিত্ৰাণ দিবৰ বাবে ভাৰতক এক কোটি ৫০ লাখ ডলাৰ দান কৰিলে,ভাৰতীয় মুদ্ৰাত প্ৰায় ১১০ কোটি টকা । এই অনুদান স্বেচ্ছাসেৱী সংস্থা কেয়াৰ, এইড ইণ্ডিয়া আৰু সেৱা ইণ্টাৰনেছনেল ইউএছএ-ক প্ৰদান কৰিছে । এই বিষয়ত টুইটাৰত চিইঅ’ জেক পেট্ৰিক ড’ৰছে কয়, ‘ক’ভিড সংকটৰ পৰা ভাৰতক ৰক্ষা কৰিবৰ বাবে কেয়াৰ, এইড ইণ্ডিয়া আৰু সেৱা ইউএছএ-ৰ ভিতৰত এক কোটি ৫০ লাখ ডলাৰ প্ৰদান কৰা হৈছে ।’