Local, Vocal, Global

Minakshi Kalita Falls Sick in Jail : চৰকাৰী বিষয়া মিনাক্ষী কলিতা কাৰাগাৰত অসুস্থ

নিউজ ডেস্ক, ২৮ মে’ : চৰকাৰী বিষয়া মিনাক্ষী কলিতা দেওবাৰে কাৰাগাৰ চৌহদৰ ভিতৰত অসুস্থ হৈ পৰে । ইয়াৰ পাছতে মিনাক্ষী কলিতাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হয় ।

উল্লেযোগ্য যে ১৮ মে’ ত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ পৰা যোৱা এটা দলে গুৱাহাটীস্থিত কাৰ্যালয়ত উৎকোচ গ্ৰহণ কৰাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ কৰিছিল সহকাৰী আয়ুক্ত মিনাক্ষী কাকতি কলিতাক (Assistant Commissioner of State Income Tax) । গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীয়ে অভিযোগকাৰীৰ পৰা GSTৰ অনলাইন কামকাজ পুনৰ সক্ৰিয় কৰি দিয়াৰ বিনিময়ত উৎকোচ দাবী কৰিছিল ।

ইয়াৰ পিছতে উৎকোচ দিবলৈ অনিচ্ছুক অভিযোগকাৰীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ কাষ চাপে (Directorate of Vigilance and Anti Corruption)। সেই অনুসৰি গুৱাহাটীৰ আয়কৰ ভৱনত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে পূৰ্বৰে পৰা পৰিকল্পনা কৰি জাল পাতে । পৰিকল্পনা অনুসৰি, অভিযোগকাৰীৰ পৰা ৪ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়তে অভিযানকাৰী দলটোৱে হাতে লোটে কৰায়ত্ব কৰিছিল সহকাৰী আয়কৰ আয়ুক্ত মিনাক্ষী কাকতী কলিতাক । লগতে তেওঁৰ বাসগৃহত অভিযান চলাই নগদ ৬৫,৩৭,৫০০ টকা জব্দ কৰিছিল আৰক্ষীয়ে ।

সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ চোৰাংচোৱাই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰাৰ দুদিন পিছত গুৱাহাটীৰ নিম্ন আদালতে ২০ মে’ত মিনাক্ষী কাকতি কলিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

আজি অৰ্থাৎ দেওবাৰে কাৰাগাৰত হঠাৎ অসুস্থ হৈ পৰে চৰকাৰী বিষয়া মিনাক্ষী কলিতা । জানিব পৰা মতে বিষয়া গৰাকী ডায়েবেটিছকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগি আছে । অসুস্থ বিষয়া গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক : newborn baby body recovered : জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড