Local, Vocal, Global

New Parliament building inaugurated: প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে নতুন সংসদ ভৱন

নতুন দিল্লী, ২৮ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে পুৱা চেণ্ট্ৰেল ভিষ্টাত নতুন সংসদ ভৱনটোৰ উদ্বোধন কৰে (PM Narendra Modi inaugurated new Parliament building) । পৰম্পৰাগত পোছাক পৰিধান কৰি মোডীয়ে ১ নং গেটেৰে সংসদ চৌহদত প্ৰৱেশ কৰে (Narendra Modi in traditional attire) । উদ্বোধনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজিত বহুধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হোৱা ‘পূজা পণ্ডল’ (Puja pandal)ৰ ঠিক বাহিৰত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁক আদৰণি জনায় ।


কৰ্ণাটকৰ শ্ৰিংগেৰী মঠ (Karnatakas Shringeri mutt)ৰ পৰা অহা মহাপুৰোহিতসকলে বৈদিক ৰীতি নীতিৰে প্ৰাৰ্থনা সমাপন কৰিছিল । কাৰ্যসূচী অনুসৰি নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত আশীৰ্বাদ দিবলৈ মহাপুৰোহিতসকলক আমন্ত্ৰণ জনাই প্ৰথাগত “গণপতি যজ্ঞ” (Ganapati Homam) সমাপন কৰা হৈছিল ।

যজ্ঞৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজদণ্ড “ছেংগোল” ৰখা স্থানলৈ যায় আৰু সেৱা জনাই থিৰুভৱদুথুৰাই শৈৱী মঠৰ মহাপুৰোহিতসকলে পৰা ৰাজদণ্ড “ছেংগোল” গ্ৰহণ কৰে। ইয়াৰ পিছতে হাতত পবিত্ৰ ৰাজদণ্ড লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তামিলনাডুৰ বিভিন্ন মঠৰ পৰা অহা প্ৰধান পুৰোহিত সকলৰ পৰা আশীৰ্বাদ লয় । এই কাৰ্যসূচীৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে “ছেংগোল” কঢ়িয়াই নতুন সংসদ ভৱনলৈ এক শোভাযাত্ৰা উলিয়াই য’ত অংশগ্ৰহণ কৰিলে মহাপুৰোহিতসকলে । শোভাযাত্ৰা নতুন সংসদ ভৱনত প্ৰৱেশ কৰাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজদণ্ড “ছেগোল”ক নি লোকসভাৰ অধ্যক্ষৰ চকীৰ সোঁফালে নিৰ্মণ কৰা এক বিশেষ ঘেৰাত স্থাপন কৰে ।

ইয়াৰ পিছতে‘পূজা পণ্ডল’লৈ উভতি আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানৰ তিনিখন ফলক আনুষ্ঠানিকভাৱে উন্মোচন কৰে (Inauguration of new Parliament building) । ফলকত লিখা আছিল “লোক সভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদৰ নতুন ভৱনটো জাতিলৈ উৎসৰ্গা কৰে (New Parliament building inaugurated)।”

ভাৰতৰ সংসদৰ নতুন ভৱনটো উদ্বোধন হোৱাৰ লগে লগে আমাৰ হৃদয় আৰু মন গৌৰৱ, আশা আৰু প্ৰতিশ্ৰুতিৰে ভৰি পৰিছে । এই আইকনিক ভৱনটো সৱলীকৰণৰ এক দোলনা হওঁক, যি সপোনবোৰ উজ্বলাই তোলক আৰু বাস্তৱত প্ৰতিপালন কৰক। ই আমাৰ মহান ৰাষ্ট্ৰখনক প্ৰগতিৰ নতুন শিখৰলৈ আগুৱাই লৈ যাওক, অনুষ্ঠানটোৰ কেইখনমান ছবি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে এটা টুইট কৰিলে ।

এই নতুন সংসদ ভৱনটোৰ উদ্বোধন উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, এছ জয়শংকৰ আৰু জিতেন্দ্ৰ সিঙকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি জে পি নাড্ডা উপস্থিত থাকে। ভাৰতৰ নতুন সংসদ ভৱনটো নিৰ্মাণৰ অংশ হিচাপে থকা একাংশ শ্ৰমিককো প্ৰধানমন্ত্ৰীয়ে সম্বৰ্ধনা জনায় ।

চৰকাৰৰ তথ্য মতে, ১৯২৭ চনত নিৰ্মিত পূৰ্বৰ ভৱনতটোতকৈ নতুন সংসদ ভৱনটোৱে অধিক স্থান গ্ৰহণ কৰিছে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ কাৰ্পেট , ত্ৰিপুৰাৰ বাঁহৰ মজিয়া আৰু ৰাজস্থানৰ শিলৰ কাৰুকাৰ্যৰ সৈতে নতুন সংসদ ভৱনটোৱে প্ৰতিটো দিশতে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতিক প্ৰতিফলিত কৰিছে । নতুন সংসদ ভৱনৰ ভিতৰৰ অংশত পদুম, ময়ুৰ আৰু বট গছ – এই তিনিটা জাতীয় প্ৰতীকৰে থিম কৰা হৈছে । ত্ৰিভুজাকৃতিৰ এই চাৰি মহলীয়া সংসদ ভৱনটোৰ মুঠ নিৰ্মিত এলেকা হৈছে ৬৪,৫০০ বৰ্গমিটাৰ।

লগতে পঢ়ক: PM Modi on completing 9 years: কেন্দ্ৰত ৯ বছৰ সম্পূৰ্ণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কলে, মোক আৰু অধিক কষ্ট কৰিবলৈ শক্তি দিয়ক