Local, Vocal, Global

PM Modi address at new Parliament building: সময়ৰ গতিত সাংসদৰ সংখ্যা বৃদ্ধিৰ লগে লগে গঢ় লৈ উঠে নতুন সংসদ: প্ৰধানমন্ত্ৰী মোডী

নতুন দিল্লী,২৮ মে’: দেওবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনটোৰ উদ্বোধন কৰি দিয়া প্ৰথমটো ভাষণত নতুন সংসদৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে (Prime Minister Narendra Modi address at new Parliament building) । তেওঁ কয়, ” এখন নতুন সংসদৰ প্ৰয়োজন আছিল । আমি এইটোও চাব লাগিব যে, আগন্তুক সময়ত আসন আৰু সাংসদৰ সংখ্যা বৃদ্ধি পাব । সেইবাবেই নতুন সংসদ নিৰ্মাণৰ প্ৰয়োজন আছিল।”

যেতিয়া ভাৰত আগবাঢ়ি যায়, তেতিয়া বিশ্বও আগবাঢ়ি যায় (New Parliament lead development of world) । এই নতুন সংসদে ভাৰতৰ উন্নয়নৰ জৰিয়তেও বিশ্বক বিকাশৰ দিশত আগুৱাই নিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেইবাবছৰীয়া বিদেশী শাসনে আমাৰ পৰা আমাৰ গৌৰৱ চুৰি কৰিলে (Development of India) । “আজি ভাৰতে সেই ঔপনিৱেশিক মানসিকতাক এৰি থৈ গৈছে ।”

আজি সংসদত স্থাপন কৰা হয় পবিত্ৰ ‘ছেংগোল’। চোল ৰাজবংশত ‘ছেংগোল’ আছিল ন্যায়, ধাৰ্মিকতা আৰু সুশাসনৰ প্ৰতীক (Sengol symbolised justice righteousness and good governance)। এই নতুন সংসদখন স্বাৱলম্বী ভাৰতৰ উত্থানৰ সাক্ষী হৈ পৰিব (Self-reliant India) । নতুন সংসদ কেৱল এটা অট্টালিকা নহয়, ই ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ আকাংক্ষাৰ প্ৰতীক বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পবিত্ৰ ‘ছেংগোল’ৰ গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হোৱাটো আমাৰ সৌভাগ্য ৷ এই সদনত যেতিয়াই কাৰ্য্যবিধি আৰম্ভ হ’ব ‘ছেংগোলে’ আমাক অনুপ্ৰাণিত কৰিব । ভাৰত গণতন্ত্ৰৰ মাতৃ (India is the mother of democracy)। ই বিশ্বব্যাপী গণতন্ত্ৰৰ ভেটিও । গণতন্ত্ৰ হৈছে আমাৰ ‘সংস্কাৰ’, ধাৰণা আৰু পৰম্পৰা ।

ই ভাৰতৰ সংকল্পৰ বিষয়ে বিশ্বক এক বাৰ্তা প্ৰদান কৰে। প্ৰতিখন দেশৰ উন্নয়নৰ যাত্ৰাত কিছুমান মুহূৰ্ত আহে যিবোৰ অমৰ হৈ পৰে । প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ২৮ মে’ আমাৰ বাবে এনেকুৱা এটা দিন ।

নতুন সংসদ ভৱনত লোকসভা কক্ষত ৮৮৮ গৰাকী (Member in Lok Sabha chamber) আৰু ৰাজ্যসভা কক্ষত ৩০০ গৰাকী সদস্য আৰামেৰে বহিব পাৰিব (Rajya Sabha chamber) । নতুন সংসদ ভৱনত অত্যাধুনিক দৃশ্য-শ্ৰাব্য ব্যৱস্থাৰে সজ্জিত অধিক সংখ্যক সমিতি কক্ষ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত সংসদীয় সমিতিসমূহৰ কাম-কাজ সুচাৰুৰূপে সমাপন হোৱাত সহায়ক হ’ব (functioning of Parliamentary committees) ।

দুয়োটা সদনৰ যৌথ অধিৱেশনৰ ক্ষেত্ৰত লোকসভা কক্ষত মুঠ ১২৮০ গৰাকী সদস্যক স্থান দিব পাৰিব। নতুন সংসদ ভৱনৰ লোকসভা আৰু ৰাজ্যসভাত বিভিন্ন বিষয়বস্তু প্ৰদৰ্শন কৰা হৈছে । লোকসভাত জাতীয় চৰাই – ময়ুৰক অন্তৰ্ভুক্ত কৰা হৈছে (National bird Peacock) । আনহাতে ৰাজ্যসভাত নিজ নিজ গাঁথনিত ৰাষ্ট্ৰীয় ফুল – পদুম আছে (National flower Lotus) ।

লগতে পঢ়ক: New Parliament building inaugurated: প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে নতুন সংসদ ভৱন