Local, Vocal, Global

এখন গাওঁ , গাওঁখনৰ প্ৰতিঘৰ মানুহ আজি সন্মুখীন হৈছে চৰম নিৰাপত্তাহীনতাৰ

নিজৰ জীৱন, সা-সম্পত্তিৰ নিৰাপত্তাহীনতাক লৈ চৰম উদ্বিগ্ন ধিঙৰ এখন গাওঁ । নিৰাপত্তা প্ৰদানত ব্যৰ্থ আৰক্ষী প্ৰশাসন ।

এখন গাওঁ , গাওঁখনৰ প্ৰতিঘৰ মানুহ আজি সন্মুখীন হৈছে চৰম নিৰাপত্তাহীনতাৰ । প্ৰতি মুহূৰ্তত অসহায় গাওঁবাসীয়ে প্ৰশাসনৰ ওচৰ চাপিছে যদিও গাওঁবাসীক নিৰাপত্তা প্ৰদান কৰাত লজ্জাজনক ভাৱে ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন । কিয় নিৰাপত্তাহীনতাত ভুগিছে গাওঁবাসীয়ে ? কিয় নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন ? চাওক এই প্ৰতিবেদন ।

নগাওঁ জিলাৰ ধিং পৌৰসভাৰ অন্তৰ্গত এইখন গাওঁ । নাম আঠ গাঁও । এই গাঁও খনত আজি কেইবামাহ ধৰি চোৰে চলাই গৈছে তাণ্ডৱ । দুই এদিনৰ পাছে পাছে চোৰে লুটপাত চলাইছে এঘৰৰ পাছত আনঘৰত । দিন দুপৰতে লুটি নিছে ঘৰৰ আ অলংকাৰ, টকা পইচাকে ধৰি ঘৰৰ মূল্যবান সা  সামগ্ৰী ।

ধাৰাবাহিক ভাৱে গাওঁখনত দিন দুপৰতে সংঘটিত হোৱা এই চুৰিকাণ্ডৰ বিষয়ে প্ৰতিঘৰ ভুক্তভোগীয়ে স্থানীয় ধিং আৰক্ষীক অৱগত কৰি আহিছে যদিও শূন্যতে গদা ঘুৰোৱা ধিং আৰক্ষীয়ে আজিকোপতি এজনো অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম নহল । যাৰ ফলত ভীতিগ্ৰস্থ গাওঁবাসীয়ে ৰাতিটো দুৰৰে কথা দিনতো ঘৰ এৰি উলাব নোৱাৰা অৱস্থা ।

আৰক্ষীক এজাহাৰ দিও কোনো ফলাফল নোপোৱা গাওঁবাসীয়ে এতিয়া ভুগিছে চৰম নিৰাপত্তাহীনতাত । এতিয়া প্ৰশ্ন উঠিছে এটা দুটা চুৰি ঘটনা নহয় , দিন দুপৰতে একাধিক চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছতো কিয় আৰক্ষী প্ৰশাসন চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে অপৰাধীক কৰায়ত্ব কৰাত