Local, Vocal, Global

হোৱাইট হাউছত কটোৱা সময়ক লৈ মেলানিয়া ট্ৰাম্পৰ নতুন গ্ৰন্থ

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত  ড’নাল ট্ৰাম্পৰ পৰাজয়ৰ পিছতে তেওঁৰ পত্নী মেলানিয়াই বিবাহ বিচ্ছেদ ঘটাব বুলি এক সংবাদ প্ৰকাশ পোৱাৰ পিছতেই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। কিন্ত্ত হাউচৰ বিষয়াববীয়াৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ মাধ্যমে এই তথ্য সদৰী কৰাৰ মাত্ৰ কেইদিনমান পিছতেই মেলানিয়াই আমেৰিকাৰ ফাৰ্ষ্ট লেডী হিচাপে হোৱাইট হাউছত থকা দিনবোৰক লৈ এক স্মাৰক গ্ৰন্থ লিখাৰ সিদ্ধান্ত লৈছে। হোৱাইট হাউচৰ এক সূত্ৰই সংবাদ মাধ্যমক জনাইছে এই তথ্য। যদিও ব্যক্তিগত জীৱনক লৈ অতি ব্যস্ত থকা মহিলা হিচাপে মেলানিয়াক জনা যায়, তথাপি আমেৰিকাৰ ফাৰ্ষ্ট লেডী হিচাপে এই গ্ৰন্থখনৰ জৰিয়তে বহু কথা ৰাজহুৱা কৰাৰ চিন্তা-চৰ্চা চলাইছে মহিলাগৰাকীয়ে।