Local, Vocal, Global

ক’ভিড এন্টিবডীৰে ছিংগাপুৰত শিশুৰ জন্মৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ

ক’ভিড-১৯ মহামাৰীৰ ভেকচিনপৰীক্ষা উদ্ভাৱনৰ বাবে বিশ্বজুৰি বিভিন্ন পৰ্যায়ত  ন ন গৱেষণা–পৰীক্ষা চলাই আছে চিকিৎসা বিজ্ঞানীসকলে। শেহতীয়াকৈ ছিংগাপুৰত ক’ভিড আক্ৰান্ত মহিলা এগৰাকীয়ে এই ভাইৰাচ প্ৰতিৰোধী এন্টিবডীৰ সৈতে এটি শিশুক জন্ম দিয়াৰ লগে লগে বিষয়টোক লৈ বিশ্বৰ সংবাদ মাধমত চৰ্চা চলিছে। ক’ভিড-১৯ সংক্ৰমণ মাতৃৰ পৰা গৰ্ভত থকা শিশুলৈ ঘটিব পাৰেনে নাই সেই সন্দৰ্ভত বিজ্ঞানীসকলে নতুন তথ্য লাভ কৰিছে। যোৱা মাৰ্চ মাহত অন্তঃসত্বা মহিলাগৰাকী ক’ভিড-১৯ত আক্ৰান্ত হৈছিল। চলিত মাহত মহিলাগৰাকীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান। লক্ষণীয়ভাৱে, ক’ভিড-১৯ অবিহনে জন্ম হোৱা শিশুটিয়ে কিন্ত শৰীৰত লৈ আহিছে ভাইৰাছ এন্টিবডী। শিশুটিৰ মাতৃৰ বক্তব্যত উদ্ধৃতি দি ‘দ্য ষ্ট্ৰেইটছ টাইমছ’-এ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি চিকিৎসকে এতিয়া ক’ভিড-১৯ এন্টিবডী মাতৃৰ পৰা শিশুলৈকে গতি কৰা বুলি ধাৰণা কৰিছে। অর্থাৎ যি সময়ত মহিলাগৰাকী ক’ভিড-১৯ত আক্ৰান্ত হৈছিল তেতিয়াই গৰ্ভত থকা শিশুটিও ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছিল বুলি ধাৰণা কৰিছে চিকিৎসকসকলে। মহিলাগৰাকীক ক’ভিড এন্টিবডী প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ক’ভিড এন্টিবডী শিশুটিলৈও বিয়পি পৰে বুলি চিকিৎসক একাংশই দাবী কৰিছে। ইয়াৰ জৰিয়তে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে নতুন গৱেষণাৰ সমল লাভ কৰিছে।