Local, Vocal, Global

ছিডনীত গৰমৰ অভিলেখ,উতকন্ঠিত পৰিৱেশ বিজ্ঞানী

গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই বিশ্বৰ বিভিন্ন দেশত নৱেম্বৰ মাহতো শীতৰ প্ৰভাৱ পৰা নাই। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ ছিডনীত নৱেম্বৰ মাহত নিশাৰ উষ্ণতা ২৫.৪ ডিগ্ৰী চেন্টিগ্ৰেড পৰ্যন্ত উৰ্ধ্বমুখী হৈছে বুলি দেশখনৰ বতৰ বিজ্ঞানবিভাগে সদৰী কৰিছে।২৮ নৱেম্বৰৰ নিশা ছিডনীত আটাইতকৈ উষ্ণ নিশা আছিল বুলি ঘোষণা কৰিছে অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছ অগ্নিনিৰ্বাপক বাহিনীয়ে। অকল সেইয়াই নহয়, চহৰখনৰ পূব তথা উত্তৰ-পূৱ অঞ্চলত অগ্নি প্ৰজ্বলনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লক্ষণীয়ভাৱে ২৯ নৱেম্বৰৰ দিনৰ ভাগত ছিডনীত উষ্ণতা আছিল ৪০ ডিগ্ৰী চেন্টিগ্ৰেড। শেহতীয়াকৈ গোলকীয় উষ্ণতা বৃদ্ধিয়ে অষ্ট্ৰেলিয়াৰ বিভিন্ন চহৰত প্ৰচণ্ড তাপ প্ৰবাহৰ সৃষ্টি কৰিছে। ইফালে বিগত বৰ্ষবোৰত অষ্ট্ৰেলিয়াত বৃদ্ধি পোৱা বনজুইৰ ঘটনায়ো এই উষ্ণতা বৃদ্ধিত ইন্ধন যোগোৱা বুলি দেশখনৰ বিভিন্ন সংস্থাই নিজ নিজ প্ৰতিবেদনত সদৰী কৰি আহিছে।