Local, Vocal, Global

মহানগৰীৰ দক্ষিণগাঁওত ভয়ংকৰ অগ্নিকাণ্ড…

ডিজিটেল ডেস্ক:-মহানগৰীৰ দক্ষিণগাঁওত ভয়ংকৰ অগ্নিকাণ্ড। দেওবাৰে নিশা মহানগৰীৰ দক্ষিণগাঁৱত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।এটা নিৰ্মীয়মান অট্টালিকাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো।এটা নিৰ্মীয়মান অট্টালিকাৰ ৯ মহলাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো।

অগ্নিকাণ্ডটোৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।চাটাৰিঙৰ কাম চলি আছিল অট্টালিকাটোত।জানিব পৰা মতে অট্টালিকাটোত প্রায় ৪০জনকৈ বনুৱাই কাম কৰি আছিল ।নিশা প্ৰায় ১০ বজালৈকে কাম কৰি আছিল বনুৱাই।
শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ৯খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে বহু সময় চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

নিৰ্মীয়মান অট্টালিকাটো বদৰুদ্দিন আজমলৰ বুলি জানিব পৰা গৈছে।