Local, Vocal, Global

অস্কাৰত ‘নাটু-নাটু’য়ে ৰচিলে ইতিহাস !‘নাটু-নাটু’ লৈ শ্ৰেষ্ঠ মৌলিক গীতৰ সন্মান…

ডিজিটেল ডেস্ক:-অস্কাৰত ‘নাটু-নাটু’য়ে ৰচিলে ইতিহাস !লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত ৯৫ সংখ্যক অস্কাৰত উজলিল ভাৰত । ৯৫তম একাডেমী বঁটা লছ এঞ্জেলছৰ ড’লবি থিয়েটাৰত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত RRRৰ নাটু নাটু গীতে BEST ORIGINAL SONG’অস্কাৰ বঁটা লাভ কৰিছে।পৰিচালক ৰাজামৌলীৰ ছবিখনে ভাৰতীয়ক পুনৰ গৌৰৱান্বিত কৰিছে। ‘নাটু-নাটু’ৰ এই বিজয় এক ঐতিহাসিক। কিয়নো ই হৈছে প্ৰথম ভাৰতীয় ফিচাৰ ছবি, যিয়ে মূল গীতৰ শ্ৰেণীত অস্কাৰ বঁটা লাভ কৰিছে।অস্কাৰৰ মঞ্চত প্ৰথমবাৰৰ বাবে ভাৰতীয় গীত পৰিৱেশন কৰা হয়।

নাটু-নাটুৰ এই সফলতাৰ আঁৰত আছে এম এম কীৰাৱানী, যি মঞ্চত এই বঁটা গ্ৰহণ কৰিছিল।৯৫ সংখ্যক একাডেমী বঁটাত ১৫ টা গানক পৰাস্ত কৰি ‘নাটু-নাটু’য়ে এই বঁটা লাভ কৰিছে। মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত স্থান লাভ কৰা বোলছবিখনৰ নাটু নাটু শীৰ্ষক গানটিয়ে ইয়াৰ পূৰ্বে লাভ কৰিবলৈ সক্ষম হৈছিল ৮০ তম গোল্ডেন গ্লোৱ, ২০২৩ বঁটাও ।অস্কাৰ ল’বলৈ মঞ্চত উপস্থিত হৈ সুৰকাৰ কিৰৱানীয়ে কয়, “মই কাঠমিস্ত্ৰীৰ কথা শুনি ডাঙৰ হৈছো আৰু আজি মোৰ হাতত অস্কাৰ আছে।” ভাৰতবাসী হিচাপে মই আজি নাটু নাটুক লৈ গৌৰৱবোধ কৰিছো।
উল্লেখ্য যে, অস্কাৰৰ দৌৰত আন এখন ভাৰতীয় ছবি গৈছিল এই বৰ্ষত । যি ছবিৰ আলোচনা ‘নাটু নাটু’ৰ সমান নহ’লেও মানদণ্ড আছিল বহু উন্নত ।