মধুমেহ ৰোগ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰক এইকেইটা ঘৰুৱা উপায়…

ডিজিটেল ডেস্ক:-শৰীৰক স্বাস্থ্যৱান কৰি ৰাখিবলৈ স্বাস্থ্যকৰ আহাৰ গ্ৰহন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ।বিশেষকৈ মধুমেহ ৰোগত আক্ৰান্ত হোৱা লোকসকলে তেওঁলোকৰ আহাৰৰ বিশেষ যত্ন ল’বলগীয়া হয়।ডায়েবেটিছ বা মধুমেহ ৰোগ বৰ্তমান গোটেই বিশ্বতে ব্যাপকভাৱে বৃদ্ধি পাব ধৰিছে। বিভিন্ন কাৰণত এজন লোক বহুমূত্ৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। সেইসমূহৰ ভিতৰত খাদ্যজনিত, জীৱন ধাৰণৰ পদ্ধতি, মানসিক চাপ, বংশগত, মেদবহুলতা জনিত আদি প্ৰধান কাৰণ।
বহুমূত্ৰ বা মধুমেহ মূলত হৈছে এক হৰম’নজনিত ৰোগ। আমাৰ শৰীৰৰ পাচনতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰিলে অথবা শৰীৰে উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হলে এই ৰোগ হয়।
সেয়েহে মধুমেহ ৰোগত আক্ৰান্ত ৰোগী সকলে ভালদৰে খোৱাৰ যতন ল’লেহে শৰীৰত সৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকিব।আৰু সদায় কেৱল ঔষধৰ ওপৰত জীয়াই থাকিবলীয়া নহয়।
মধুমেহ ৰোগীসকলে কিছুমান ঘৰত ব্যৱহাৰ হোৱা ঘৰুৱা কিছুমান খাদ্যৰ দ্বাৰা তেজৰ ছুগাৰ লেভেল নিয়ন্ত্ৰণত ৰাখি বহুমূত্ৰ ৰোগৰ পৰা হাত সাৰিব পাৰে।আজি আমি তাৰে বিষয়ে আলোচনা কৰিম।
জামুক
ভাৰত উপমহাদেশত প্ৰচুৰ পৰিমাণে উপলব্ধ জামুকৰ যথেষ্ট পৰিমাণৰ ঔষধি গুণ আছে। খনিজ দ্ৰব্য তথা লৌহ পদাৰ্থৰে পৰিপূৰ্ণ জামুকত প্ৰটিন,শৰ্কৰা,ভিটামিন এ,বি,চি আৰু অন্যান্য পোষক পদাৰ্থও থাকে। আমৰ ৰস আৰু জামুকৰ ৰস সম পৰিমাণে মিহলাই সেৱন কৰা পানী বহুমূত্ৰ ৰোগীৰ বাবে লাভজনক।
নিয়মীয়াকৈ জামুক খোৱা কৰিলে বহুমূত্ৰ ৰোগীৰ ছুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে, ইয়াৰ উপৰি জামুকৰ বীজেও আমাৰ ব্লাড ছুগাৰ লেভেল কম কৰি ৰখাত সহায় কৰে। জামুকৰ বীজতো প্ৰটিন, কেলছিয়াম আৰু কাৰ্বহাইড্ৰেট পোৱা যায়। জামুকৰ বীজ গুড়ি কৰি পানীত মিহলি কৰি খালে ছুগাৰ লেভেল কমি থাকে।
ঔটেঙা
অসমৰ হাবিয়ে বননিয়ে হোৱা ঔটেঙাৰ আছে বহু বনৌষধি গুণ। ঔটেঙাত আছে ভিটামিন চি, ভিটামিন ই, ভিটামিন বি কম্প্লেক্স, পটেছিয়াম আদি আৰু বিভিন্ন পুষ্টিদ্ৰব্য থকা ৰোগ প্ৰতিৰোধী ক্ষমতা। ই বহুমূত্ৰ ৰোগীৰ ব্লাড ছুগাৰ লেভেল কমাই ৰখাত সহায় কৰে।
ইনচুলিনগছ
ইংৰাজীত ফিয়েৰি কষ্টাছ (fiery costus) নামেৰে জনাজাত ইনচুলিন গছ কষ্টেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ ঔষধি উদ্ভিদ।এই গছৰ পাতে তেজৰ ছুগাৰ লেভেল নিয়ন্ত্ৰণত ৰাখে।এই গছবিধৰ পাতবিলাক কেঁচাকৈ বা গুড়ি কৰি খাব পাৰি। দৈনিক ৰাতিপুৱা খালী পেটত এখিলা ইনচুলিন গছৰ পাত খালে ছুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে।
অৰ্জুনগছ
অৰ্জুন গছ বহু বৰ্ষীজীৱী চিৰসেউজীয়া গছ। অৰ্জুন গছৰ বাকলি বৰ উপকাৰী। অৰ্জুন গছৰ বাকলি গুড়ি কৰি খাব পাৰি। ৰাতিপুৱা এগিলাছ অৰ্জুন গছৰ বাকলিৰ গুড়ি পানী বা এগিলাছ পানীত অৰ্জুন গছৰ বাকলি ৰাতিটো তিয়াই ৰাখি তাক পিছদিনা পুৱা খালে বহুমূত্ৰ ৰোগৰ পৰা নিৰাময় পাব পাৰি।
আমলখি
আমলখিয়ে আমাৰ শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰা শক্তি বৃদ্ধি কৰে আৰু ইয়াত বিভিন্ন ৰোগ আৰোগ্য কৰাৰ ক্ষমতা আছে। দৈনিক ২-৩ টা আমলখি খালে আমাৰা ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণত থাকে। আমলখিৰ গুড়ি পানীত মিহলি কৰিও খাব পাৰি।