Local, Vocal, Global

ছিকিমত ভয়ংকৰ হিমস্খলন;নিহত ৬ জন,আহত ১১জন !৮০ জনতকৈ অধিক লোক বৰফৰ মাজত আৱদ্ধ…

ডিজিটেল ডেস্ক:- মঙলবাৰে ছিকিমৰ নাথু লা মাউণ্টেন পাছত সংঘটিত হয় ভয়ংকৰ হিমস্খলন।হিমস্খলনত এতিয়ালৈকে ৬ জন পৰ্যটক নিহত হোৱাৰ লগতে ১১ জন আহত হৈছে বুলি জানিব পৰা গৈছে। বহুতো পৰ্যটক এতিয়াও বৰফৰ তলত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। অৱশ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।হিমস্খলনৰ সময়ত অঞ্চলটোত ১৫০ জনৰো অধিক পৰ্যটক থকা বুলি খবৰ পোৱা গৈছে।সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি ছিকিম-নাথুলা সীমান্তৱৰ্তী অঞ্চলত সংঘটিত ভয়াৱহ হিমস্খলনত ৬জন পৰ্যটক নিহত হোৱাৰ লগতে ১১জন আহত হয়।ইফালে সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি গেংটকক নাথুলাৰ সৈতে সংযোগী জৱাহৰলাল নেহৰু পথৰ ১৫ নং মাইলত হোৱা হিমস্খলনত ছয়জন পৰ্যটকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮০ জনতকৈ অধিক লোক বৰফৰ মাজত আৱদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।বৰফৰ তলত আৱদ্ধ হৈ পৰা ৩০ জন পৰ্যটকক উদ্ধাৰ কৰি গেংটকৰ এছ টি এন এম চিকিৎসালয় আৰু কেন্দ্ৰীয় ৰেফাৰেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।আৰক্ষী বিষয়াই কয় যে “উদ্ধাৰ আৰু ক্লিয়াৰেন্স অভিযান এতিয়াও চলি আছে।” বৰ্তমান ছিকিম আৰক্ষী, ছিকিমৰ ট্ৰেভেল এজেণ্ট এছ’চিয়েচন, পৰ্যটন বিভাগৰ বিষয়া আৰু বাহন চালকসকলে উদ্ধাৰ অভিযান চলাই আছে।
মঙলবাৰে দিনৰ প্ৰায় ১২.২০ বজাত সংঘটিত হয় এই হিমস্খলন। ঘটনাটো সংঘটিত হোৱাৰ সময়ত পৰ্যটকসকল জৱাহৰলাল নেহৰু মাৰ্গলৈ গৈ আছিল। হিমস্খলন ফলত আহত ৬ জন লোকৰ সমীপৱৰ্তী সামৰিক চিকিৎসালয়ত মৃত্যু ঘটে।ইয়াৰ ভিতৰত আছে চাৰিজন পুৰুষ, এগৰাকী মহিলা আৰু এটা শিশু।জানিব পৰা অনুসৰি, ছিকিম আৰক্ষী, এছ’চিয়েশ্যন অৱ ট্ৰেভেল এজেণ্টছ অৱ ছিকিম, পৰ্যটন বিভাগৰ বিষয়া আৰু চালকসকলে উদ্ধাৰ অভিযান চলাই আছে।