Local, Vocal, Global

টুইটাৰৰ সেই নীলা চৰাইটো আৰু নাই

ডিজিটেল ডেস্ক:- শেহতীয়াকৈ ইলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছতেই বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘোষণা কৰি আহিছে, আৰু বৰ্তমান ইলন মাস্কৰ এক বৃহৎ ঘোষণাই সমগ্ৰ বিশ্ববাসীক হতভ্ব কৰি তুলিছে, টুইটাৰৰ সেই পৰিচিত নীলা চৰাইটো আৰু নাই। আগতে টুইটাৰ মানে টুইটাৰ লিখা থকাৰ লগতে আহিছিল নীলা চৰাইটো। সেই ঠাইত এতিয়া এটা কুকুৰৰ ছবিয়ে স্থান লৈছে।

ভাৰতীয় সময় অনুসৰি সোমবাৰে নিশাৰ পৰা একাউণ্ট খুলি আচৰিত হৈ পৰে টুইটাৰ ব্যৱহাৰকাৰীসকল। কাৰণ একাউণ্টৰ মূৰৰ পৰা অন্তৰ্ধান হৈ পৰিল নীলা চৰাইটো।তাৰ ঠাইত বহিল এতিয়া এটা কুকুৰৰ মিম।

জনা যায় যে ২০১৩ চনত এই কুকুৰৰ মিমটো টুইটাৰত জনপ্ৰিয় হৈ পৰিছিল। এই কুকুৰৰ মিমটো ব্লকচেইন আৰু ক্ৰিপ্টোকাৰেন্সীৰ বিষয়ে এটা ধেমালিৰ টুইটৰ অংশ হিচাপে পোষ্ট কৰা হৈছিল।

টুইটাৰৰ বৰ্তমানৰ মুৰব্বী ইলন মাস্কৰ সৌজন্যত টুইটাৰৰ এই চিৰ পৰিচিত ল’গ’টো সলনি কৰা হ’ল। ৩ এপ্ৰিলৰ পৰা এই ডগ মিমে টুইটাৰৰ পৰিচয় আগবঢ়াই নিছে৷

টুইটাৰ বিদ্যমান থকাৰ পিছৰে পৰা, ইয়াৰ লোগোটো নীলা চৰাই হিচাপে দেখা গৈছে, কিন্তু এতিয়া ই নাইকিয়া হৈছে, আৰু সোমবাৰে সন্ধিয়াৰ শেষৰ ফালৰ পৰা ক্ৰিপ্টোকাৰেন্সী ডগেকোইন লোগো দৃশ্যমান হৈ অহা দেখা গৈছে৷

ইলন মাস্কৰ টুইটাৰক লৈ নতুন প্ৰক্ৰিয়া কি?

তথ্যৰ অনুসৰি জানিব পৰা গৈছে যে ইলন মাস্কে ডগেকোইনসমৰ্থন কৰে, যি হৈছে এক মিম ক্ৰিপ্টোকাৰেন্সী।
ইয়াৰ লোগোত দেখা কুকুৰটো শিবা ইনু প্ৰজাতিৰ।

লোগোৰ এই পৰিৱৰ্তন বৰ্তমান কেৱল টুইটাৰৰ ৱেব পৃষ্ঠাত দৃশ্যমান আৰু ব্লু বাৰ্ড টুইটাৰৰ ম’বাইল এপত দৃশ্যমান হোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমানলকৈ এইয়া এক অফিচিয়েল লোগো বনোৱা হৈছে নে ই অস্থায়ী সেই বিষয়ে কোনো তথ্য লাভ কৰা হোৱা নাই৷

কিন্তু মন কৰিবলগীয়া যে ইলন মাস্কে ইয়াৰ সৈতে সম্পৰ্কিত এটা টুইটো কৰিছে, য’ত এখন ফটোও শ্বেয়াৰ কৰা হৈছে। এই ফটোখনত দেখা গৈছে যে কুকুৰৰ মুদ্ৰাৰ চিহ্ন থকা কুকুৰ এটা ড্ৰাইভিং চিটত বহি আছে আৰু ট্ৰেফিক আৰক্ষীজনৰ হাতত এখন অনুজ্ঞাপত্ৰ আছে, য’ত ‘ব্লু বাৰ্ড’ৰ ফটো আছে।
বৰ্তমান ব্যৱহাৰকাৰীসকলে টুইটাৰৰ পৰিৱৰ্তিত লোগোৰ প্ৰতি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। কিছুমান ব্যৱহাৰকাৰী এইটো কি আৰু কিয় সেই বিষয়ে যথেষ্ট বিভ্ৰান্ত হৈ পৰিছে, আৰু কিছুমান লোকে ইয়াক এক প্ৰেংক বুলি গণ্য কৰিছে।

কিছুমান ব্যৱহাৰকাৰীয়ে এইটো কৈছে যে হয়টো টুইটাৰ হেক কৰা হৈছে।

বৰ্তমান টুইটাৰৰ এই নতুন পৰিৱৰ্তনে ব্যৱহাৰকাৰী সকলৰ মাজত আলোঢ়নৰ সৃষ্টি কৰি তুলিছে৷ তথা টুইটাৰ ব্যৱহাৰকাৰীসকলে এই কুকুৰৰ মিমটোৱে টুইটাৰৰ ব্লু বাৰ্ডৰ আকৰ্ষণক ছেৰ পেলাব বুলি মানি ল’বলৈ ইচ্ছুক নহয়। তেওঁলোকৰ মতে এটা মিম জনপ্ৰিয় হ’ব পাৰে, সেইবুলি এটা প্ৰডাক্টৰ এটা পৰিচয় থাকে আৰু এটা সফল প্ৰডাক্টৰ এই অন্যতম পৰিচয়ত সমৃদ্ধি লাভ কৰাৰ ক্ষমতা থাকে।উদাহৰণস্বৰূপে টুইটাৰৰ ব্লু বাৰ্ড। ই কেৱল নীলা চৰাইৰ প্ৰতিচ্ছবি নহয়, ই মতামত আৰু চিন্তাৰ মুক্ত প্ৰকাশকো প্ৰতিনিধিত্ব কৰে। এই টুইটাৰ ব্যৱহাৰকাৰীসকলে অনুভৱ কৰে যে কুকুৰৰ মিমৰ ল’গ’টোৱে টুইটাৰৰ প্ৰসাৰক প্ৰচাৰক বহু পৰিমাণে সীমিত কৰি পেলাব।