তিতা কেৰেলাৰ ৰসৰ উপকাৰিতা বিষয়ে জানেনে আপুনি…

ডিজিটেল ডেস্ক:- তিতা কেৰেলা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু বহু ৰোগৰ পৰা ৰক্ষা কৰে।কিছুমানে ইয়াৰ তিতা সোৱাদৰ বাবে খাবলৈ পছন্দ নকৰে।কিন্তু সোৱাদত তিতা হ’লেও ই স্বাস্থ্যৰ বাবে উপকাৰী।ঔষধি গুণেৰে পৰিপূৰ্ণ তিতা কেৰেলাৰ ৰস উলিয়াই খালে যথেষ্ট উপকাৰিতা পোৱা যায়।আপুনি কেৰেলাৰ ৰস কেনেদৰে বনাব?
দুটি কেৰেলা লওক। সৰু সৰু টুকুৰা কৰি কাটি গুটিবোৰ উলিয়াই দিয়ক। তাৰ লগত অলপ ক’লা নিমখ, জালুক, হালধি, আদাবটা দিয়ক। এক কাপমান পানী মিহলাই ৰস উলিয়াই তাত কেইফোঁটামান নেমুৰ ৰস মিহলাই খাওক। অৱশ্যে যদি এচিডিটিৰ সমস্যা থাকে তেন্তে নেমু নিদিয়াই ভাল।ডায়েবেটিচ, কোষ্ঠকাঠিন্য, হাপানি, পাকস্থলীৰ ৰোগকে ধৰি বিভিন্ন স্বাস্থ্য সমস্যাত তিতা কেৰেলাৰ ৰস উপকাৰী।
তিতা কেৰেলা ৰসৰ লগত মৌ ৰস মিহলাই খালে লিভাৰ আৰু ব্ৰংকাইটিছ অসুখ ভাল হয়।
কেৰেলাৰ ৰস খালে ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত থাকে। পুৱা এক গিলাচ কেৰেলাৰ ৰস খালে ৰক্তত শর্কৰাৰ মাত্রা বহুখিনি নিয়ন্ত্ৰণত থাকে।

কেৰেলাৰ ৰসে ৰক্ত পৰিষ্কাৰ কৰাই নহয় শৰীৰৰ সকলো দূষিত পদার্থও বাহিৰ কৰি দিয়ে।
তেজৰ বেমাৰত কেৰেলা ৰস উপকাৰী ।
কেৰেলাৰ ৰস খালে লিভাৰ শক্তিশালী কৰে আৰু লিভাৰৰৰ সকলো সমস্যা দূৰ কৰে।জণ্ডিছত প্ৰতিদিনে এক গিলাচ কেৰেলাৰ ৰস খালে উপশম হয়।
কেৰেলাৰ ৰস নেমুটেঙাৰ ৰসৰ সৈতে খালে খৰ,খজুৱতি ,ৰিংৱৰ্ম আদি ছালৰ ভেকুৰ জাতীয় বেমাৰত সুফল পোৱা যায়।
হজমশক্তি বৃদ্ধি কৰাতো কার্যকৰী কেৰেলাৰ ৰস। দৈনিক পুৱা কেৰেলাৰ ৰস খালে পেট পৰিষ্কাৰ হৈ থাকে আৰু ভোক বাঢ়ে।
পেটত গেছ আৰু বদহজনৰ ক্ষেত্ৰত কেৰেলাৰ ৰস খাওক কেৰেলাৰ ৰসে দীৰ্ঘকাল ধৰি এই ৰোগ নিৰাময় কৰিব পাৰে।