Local, Vocal, Global

মৰিগাঁৱৰ মায়ঙত বানৰ সংহাৰী ৰূপ, জলমগ্ন বহু গাঁও

মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অধীনত বহুকেইখন গাঁও বৰ্তমান বানৰ কৱলত। পৱিতৰা অভয়াৰণ্যত বনৰীয়া জীৱ-জন্তুৰ বিচৰণথলী নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে। জীৱ-জন্তুৰ বিচৰণথলী হিচাপে এতিয়া হাতীগড় কুছিয়ানি গাঁৱৰ পথটোক বাচি লোৱাৰ উপৰি মানুহৰ ঘৰতো কেতিয়াবা আশ্ৰয় লয়।গাঁৱৰ সৰু পথটোৱে গঁড়, ম’হ আদি বিচৰণ কৰাত ভয়-শংকাই দেখা দিছে কুছিয়ানি গাওঁখনত। বন বিভাগৰ চৰম হেমাহিৰ কথা দোহাৰি অভিযোগ আনে অঞ্চলবাসীয়ে। গাঁওখনৰ ভয়-শংকা কেতিয়া দূৰ হ”ব তালৈ বাট চাইছে অঞ্চবাসীয়ে। লগতে বানে ধুই নিয়া গাঁৱখনক আজিপৰ্যন্ত চৰকাৰ, প্ৰশাসনে খা-খবৰ নোলোৱাৰ ফলত খাদ্য  আৰু খোৱা পানী অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পথৰ দাঁতিতে গৰু, ছাগলী বান্ধি ৰাখিবলগীয়া হৈছে গঞা ৰাইজে৷ সেয়ে গাঁৱৰ ৰাইজে সকাহ পাবলৈ জনপ্ৰতিনিধিক জনাইছে কাতৰ অনুৰোধ৷